Breaking

আমিৰৰ কন্যা ইৰাৰ বিয়া। বিয়াৰ কাৰ্ড ছপোৱাত ব্যস্ত আমিৰ খান। কি খুৱাব, কি পিন্ধিব তাকেলৈ চৰ্চা…

0 85

আমিৰ খানৰ কন্যা ইৰা খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ৰাইজক নিজৰ খবৰ দি থাকে। শেহতীয়াকৈ ইৰাই বিয়াৰ কাৰ্ড ছপোৱা এখন ফটো আপলোড কৰে। এই ছবিবোৰৰ পিছত ইৰা আৰু তেওঁৰ প্ৰেমিক নুপুৰৰ বিবাহ সম্পৰ্কীয় আলোচনা চৰ্চিত হৈ পৰিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ইনষ্টাগ্ৰামত ইৰা আৰু নুপুৰৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। এতিয়া দুয়োৰে বিবাহৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই খবৰ ইণ্টাৰনেটৰ জৰিয়তে বিশ্ববাসীয়ে লাভ কৰিছে। য’ত ইৰা খানে তেওঁৰ শেহতীয়া পোষ্টত সুন্দৰকৈ ডিজাইন কৰা বিবাহ কাৰ্ডৰ ছবি শ্বেয়াৰ কৰিছে-

কন্যাৰ বিয়াক লৈ নিমাত আমিৰ খান। কিন্তু ইৰাৰ এই পোষ্টে অনুৰাগীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই পোষ্টটোত ইৰাই আৰু কিছু ছবিও শ্বেয়াৰ কৰিছে, য’ত তেওঁ আমিৰ খানৰ পত্নী কিৰণ ৰাওক মৰমেৰে সাৱটি ধৰিছে। আনহাতে আন এখন ছবিত অভিনেত্ৰী ফাতিমা চানা শ্বেইখৰ সৈতে আছে। আমিৰ আৰু কিৰণ ফাতিমাৰ কাৰণে বিচ্ছেদ হৈছিল বুলি বিশ্বাস কৰা হয়। অতি সোনকালে আমিৰে তৃতীয়বাৰৰ বাবে ফাতিমাক বিয়া কৰাব পাৰে বুলিও চৰ্চা চলিছে। বহুতে এই কথা সমালোচনা কৰিছে কাৰণ ফাতিমাৰ বয়স আমিৰৰ ছোৱালীৰ সমান। শেহতীয়াকৈ আমিৰ আৰু ফাতিমাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। ইৰা খানৰ এংগেজমেণ্টতো ভাল সাজ-পোছাক পিন্ধি আহিছিল ফাতিমাই। মানুহে এতিয়া ইৰা আৰু নুপুৰৰ বিয়াৰ তাৰিখলৈ অপেক্ষা কৰি আছে। বিয়াৰ তাৰিখত এতিয়ালৈকে প্ৰকাশ কৰা নাই। আমিৰৰ অনুৰাগীসকলে নিশ্চিত যে অতি সোনকালে ইৰাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ পাব।

Leave A Reply