Breaking

কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ

0 2,029

দেওবাৰে পশ্চিম বংগত এখন সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে মন্তব্য কৰে যে, “কৰ’ণা ভেকছিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন নীতি গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ। 

সমাগত বিধানসভা নিৰ্বাচনলৈ কেইমাহমান থকাৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । পশ্চিমবংগত উপস্থিত হৈ অমিত শ্বাহে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰে । বলপুৰত এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কা বলৱৎ হোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ নহয় যদিও ৰাজ্যখনত কা বলৱৎ হোৱাৰ কথা জনাইছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই। কৰ’ণাৰ সংক্ৰমণ আৰু কিছু হ্ৰাস হোৱাৰ পিচতেই ২০২১ৰ জানুৱাৰী অথবা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply