Breaking

অসমলৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় ৰাজনৈতিক নেতা, এইবাৰ বটদ্ৰৱালৈ অমিত শ্বাহ

0 2,032

যিমানে বিধানসভা নিৰ্বাচন কাষ চাপি আহিছে সিমানে অসমলৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় ৰাজনৈতিক নেতাৰ আগমন দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বিৰোধীৰ নেতা সকলোৱে উঠি পৰি লাগিছে কোনে কিমান বেছি ভাল পাই অসমক। এইবাৰ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিব কেন্দ্ৰীয় গৃহ মন্ত্রীগৰাকীৰ । থান দৰ্শন কৰাৰ লগতে বহু প্ৰতীক্ষিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব তেখেতে।

প্ৰকল্প নিৰ্মাণ হ’বলগীয়া স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হৈ বটদ্ৰৱাৰ জনসাধাৰণক উদ্দ্যেশি এখন ৰাজহুৱা সভাত ভাষণ ৰাখিব।

এই সন্দৰ্ভত দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই সন্ধিয়া বটদ্ৰৱা থানত উপস্থিত হৈ থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয় ।

স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই বটদ্ৰৱা প্ৰকল্প স্থলী পৰিদৰ্শন কালত বিধায়িকা আঙুৰলতা ডেকা, মৰিগাওঁৰ বিধায়ক ৰমা কান্ত দেউৰী আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সংগ দিয়ে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান গুৱাহাটীত সম্পন্ন হোৱাৰ পিছত দেওবাৰে এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ চৰজমিন পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ।

Leave A Reply