Breaking

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ হ’ব কাঃ অমিত শ্বাহ…

0 17

নাগৰিকত্ব সংশোধনী আইন অথবা ‘কা’ সন্দৰ্ভত পুনৰ নিজৰ স্থিতি দোহাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক বিশেষ কনক্লেভত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয় -লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলবৎ হ’ব কা।শ্বাহে পূৰ্বৰ সুৰতে সুৰ মিলাই কয় কয়– ‘কা’ দেশৰ এখন আইন। ইয়াক বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে৷ইয়াৰ পূৰ্বেও অমিত শ্বাহে বংগত বহুবাৰ কাৰ প্ৰসংগত একে ধৰণৰ মন্তব্যই কৰিছিল। এইবাৰ কা দেশত প্ৰয়োগ কৰিবলৈ চৰকাৰে সক্ৰিয়তা দেখুৱাইছে। এসপ্তাহৰ ভিতৰতে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে। গতিকে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই এই সপ্তাহটোৰ ভিতৰতে ‘কা’ বলবৎ হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

‘কা’ বলবৎ হ’লে দেশৰ প্ৰান্তে-প্ৰান্তে আন্দোলনৰ পৰিৱেশ সৃষ্টি হোৱাটোও নিশ্চিত হৈ পৰিছে। ইতিমধ্যে অসমত কেইবাটাও জাতীয় সংগঠনে ‘কা’ক জাতিধ্বংসী আইন আখ্যা দিছে। সদৌ অসম ছাত্ৰ সন্থাই ‘কা’ বলবৎকৰণৰ পূৰ্বৰ দৰেই একমুখে বিৰোধিতা কৰিছে।আছুৱে ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি বাইক ৰেলী উলিয়াই প্ৰতিবাদ কৰে। বাইক ৰেলীত আছুৰ সভাপতি–সম্পাদকৰ লগতে মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ো অংশগ্ৰহণ কৰে। ‘কা’ৰ বিৰুদ্ধে বিগত কেইটামান দিনত আন্দোলন চলাই গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ‘কা’ৰ বিৰুদ্ধে গঢ়ি তুলিছে আন্দোলন। কোনোপধ্যে ‘কা’ মানি নলয় বুলি হুংকাৰ দিছে কৃষক মুক্তিৰ নেতৃবৰ্গই। বহুতে কৈছে কাৰ জড়িয়তে বংগৰ কেইবালাখ মটুৱা লোকক নাগৰিকত্ব প্ৰদান কৰি ভোটবেংক শক্তিশালী কৰিবলৈ বিচাৰিছে মোদী চৰকাৰে।

Leave A Reply