Breaking

শিলচৰত অমিত শ্বাহৰ বিশাল ৰোড শ্ব

0 15

বৰষুণৰ মাজতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ বৰাক উপত্যকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ শিলচৰত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ বাবে এক ৰোড শ্ব’ৰ নেতৃত্ব দিয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্বাহে এখন সুসজ্জিত বাহনৰ ওপৰত থিয় হৈ এই ৰোড শ্ব’ কৰে। ২ কিলোমিটাৰ দীঘল ৰোড শ্ব’টো চহৰখনৰ মাজভাগৰ জিলা ক্ৰীড়া সংস্থাৰ পৰা সন্ধিয়া ৫ বজাত আৰম্ভ হৈছিল আৰু চেণ্ট্ৰেল ৰোড, প্ৰেমতলা, অম্বিকাপাটি আদি এৱলেকা সমৰি লয়।

ৰাধামাধৱ ৰোডত এই ৰোড শ্ব’ অন্ত পৰে।শ্বাহে পথৰ দুয়োফালে থিয় হৈ থকা লোকসকলক অভিবাদন জনায়।শ্বাহৰ ওপৰত জনতাই পুষ্পবৃষ্টি কৰে। তেওঁ সমবেত জনতাৰ ফালে হাত জোকাৰি সকলোকে সম্ভাষণ জনায়। ঘৰৰ ছাদত থিয় হৈয়ো বহু লোকে শ্বাহক সম্ভাষণ জনায়। ” শিলচৰ ৰোড শ্ব’ত সমৰ্থকৰ সাগৰৰ মাজত,” শ্বাহে ‘এক্স’ত এইবুলি উল্লেখ কৰে ।

শোভাযাত্ৰাৰ সময়ত বিহু আৰু মণিপুৰী নৃত্যশিল্পীৰ সাংস্কৃতিক দলে শ্প্ৰবাহক আদৰণি জনায়। সমৰ্থকসকলক বিজেপিৰ পতাকা উৰুৱাই ‘মোদী-শ্বাহ জিন্দাবাদ’, ‘বিজেপি জিন্দাবাদ’, ‘ভাৰত মাতা কী জয়’, ‘জয় শ্ৰী ৰাম’ৰ দৰে শ্ল’গান দিয়ে। ৫০ মিনিট দীঘল ৰোড শ্ব’টোৱে চহৰখনত প্ৰৱেশ কৰাৰ লগে লগে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। শিলচৰ আসনখন যোৱা বছৰ সীমানিৰ্ধাৰণৰ পিছত অনুসূচীত জাতি (এছচি) সমষ্টি হিচাপে সংৰক্ষিত কৰা হৈছে।

Leave A Reply