Breaking

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ ওপৰত অমিত শ্বাহৰ প্ৰতিক্ৰিয়া…

0 45

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে নাগৰিকত্ব এটা কেন্দ্ৰীয় বিষয় আৰু কোনো ৰাজ্য চৰকাৰে CAA কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। লগতে, কোনো ৰাজ্য চৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰে।


নাগৰিকত্ব সংশোধনী আইন (CAA) ৰূপায়ণৰ পিছৰে পৰা, বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীপক্ষক উত্তৰ দি CAA সম্পৰ্কে বহু কথা কৈছে।

অমিত শ্বাহে সংবাদ সংস্থা এ এন আই ক দিয়া এক সাক্ষাৎকাৰত মুছলমানসকলক এই আইনৰ পৰা আঁতৰাই ৰখাৰ কাৰণো ব্যাখ্যা কৰে, “পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশ হৈছে ইছলামিক ৰাষ্ট্ৰ। তেতিয়া মুছলমানসকল তাত কেনেকৈ ধৰ্মীয় সংখ্যালঘু হ’ব পাৰে? অৱশ্যে, যদি তেওঁলোকে এতিয়াও ভাৰতীয় নাগৰিকত্ব বিচাৰে, তেওঁলোকে সাংবিধানিক পথৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰে ”

Leave A Reply