Breaking

‘কৌন বনেগা ক্রোড়পতি’ত ক্ৰিকেটাৰ ৰোহিত শৰ্মাক প্ৰশংসা অমিতাভ বচ্চনৰ

0 68

‘কৌন বনেগা ক্রোড়পতি’ত শেহতীয়া খণ্ডত অমিতাভ বচ্চনে ক্ৰিকেটাৰ ৰোহিত শৰ্মাক প্ৰশংসা কৰা দেখা গৈছে। অমিতাভ বচ্চনে ৰোহিত শৰ্মাৰ প্ৰশংসাত কয়, ‘তেওঁ এজন আচৰিত খেলুৱৈ’।‘কৌন বনেগা ক্রোড়পতি’ত প্ৰতিদিনে নিজৰ জ্ঞানৰ ভিত্তিত পুৰস্কাৰৰ ধন লাভ কৰে । আনকি কেবিচি ১৫ৰ শেহতীয়া খণ্ডতো আশিকানা অৰোৰা নামৰ প্ৰতিযোগীগৰাকীয়ে লাইফলাইন থকাৰ পিছতো ২৫ লাখ টকাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি খেল এৰি দিয়ে। ইয়াৰ পিছত অমিতাভ বচ্চনে নতুন খেলুৱৈৰ সৈতে খেল আৰম্ভ কৰে। খেলৰ সময়ত অমিতাভ বচ্চনে ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক প্ৰশংসা কৰা দেখা যায়।


‘কৌন বনেগা ক্রোড়পতি’ত ছিজন ১৫ৰ শেহতীয়া খণ্ডত অমিতাভ বচ্চনে নতুন প্ৰতিযোগীৰ সৈতে খেল আৰম্ভ কৰে। ১০ হাজাৰৰ প্ৰশ্নত অমিতাভে প্ৰশ্ন কৰে যে কোনজন ভাৰতীয় খেলুৱৈয়ে ২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰিছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ ৰোহিত শৰ্মা। প্ৰশ্নৰ পিছত অমিতাভ বচ্চনে ৰোহিত শৰ্মাক প্ৰশংসা কৰি থাকোঁতে কয় – ‘তেওঁ এজন আচৰিত খেলুৱৈ’

Leave A Reply

Your email address will not be published.