শনিবাৰে ৰহাৰ কমাৰগাঁও পঞ্চায়ত মুখৰ হৈ পৰে খোল-তাল, হৰিনামৰ ধ্বনি তথা আয়তিৰ উৰুলিৰে। মোৰ মাটি, মোৰ দেশৰ অমৃত কলহ যাত্ৰাহে আছিল এই শোভাযাত্ৰাত।
ৰহাত পঞ্চায়তে পঞ্চায়তে চলিছে এই অমৃত কলহ যাত্ৰা। শনিবাৰে ৰহাৰ কমাৰগাঁও পঞ্চায়ততো অনুষ্ঠিত হয় বিশাল অমৃত কলহ যাত্ৰা। স্থানীয় বিধায়ক শশীকান্ত দাসে এই অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি পঞ্চায়তটোৰ ৰাইজৰ পদুলিয়ে পদুলিয়ে সংগ্ৰহ কৰে অমৃত কলহৰ মাটি।

বিধায়কগৰাকীৰ লগত স্থানীয় তিনি শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰে ভাৰত মাতাৰ জয়ধ্বনিৰে মুখৰিত কৰাৰ লগতে মহিলাসকলৰ হৰিনাম, খোল-তালৰ ধ্বনি তথা উৰুলিৰে অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।