Breaking

স্বাধীনতাৰ অমৃত মহোৎসৱ; বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰা গীতৰ ভিডিঅকলৈ প্ৰতিক্ৰিয়া।কংগ্ৰেছৰ সংবাদ মেলঃ ৰাজনীতিকৰণ কৰাৰ অভিযোগ

0 1,537

দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ তথা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰা এটা ভিডিঅ’ক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বঙাইগাঁও জিলা প্রশাসনে মুকলি কৰা ভিডিঅটোত কেতবোৰ স্থিৰচিত্ৰ সংগ্ৰহ কৰি এটা গীতত সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ প্ৰয়াস কৰিছিল ৷ কিন্তু গীতৰ ভিডিঅটোত বঙাইগাঁও জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকক উপস্থাপন কৰাৰ বিপৰীতে দুটামান সম্প্ৰদায়ৰ বাহিৰে খিলঞ্জীয়া কোচ ৰাজবংশী, বড়ো, ৰাভা, কলিতা, নাথযোগীকে ধৰি আন আন জাতি-জনগোষ্ঠীসমূহক সম্পূৰ্ণৰূপে উপেক্ষা কৰাৰ অভিযোগ উঠিছে ৷ সেইদৰে বঙাইগাঁও জিলাৰ কীৰ্তিচিহ্ন, ঐতিহাসিক সমল আদিও ভিডিঅ’টোত দাঙি ধৰিবলৈ সক্ষম নহ’ল ৷ তাৰোপৰি এই অঞ্চলটো কোচ সাম্ৰাজ্যৰ অধীন আছিল যদিও গীতৰ ভিডিঅটোত ৰজা নৰনাৰায়ণ অথবা মহাবীৰ চিলাৰায়ৰ নাম তথা ফটো এখনো সংযোজন কৰা নহ’ল ৷ ইয়াৰ বিপৰীতে দৃষ্টিকটুভাৱে ভিডিঅটোত সংযোগ কৰা হৈছে ৰাজনৈতিক নেতাৰ ফটোহে ৷ এইলৈও সৃষ্টি হৈছে বিতৰ্কৰ ৷ কাৰণ বঙাইগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিত তিনিগৰাকী বিধায়ক থকাৰ পিচতো জিলা প্ৰশাসনৰ এই ভিডিঅটোত কেৱল মাত্ৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়কগৰাকীৰহে ফটো কিয় সংযোজন কৰা হ’ল বুলি বিভিন্ন মহলত উত্থাপিত হৈছে প্ৰশ্নৰ ৷ লগতে ইয়াটো ৰাজনীতিকৰণ কৰা হ’ল বুলিহে অভিযোগ উঠিছে৷

ইতিমধ্যে বৃহস্পতিবাৰে উন্মোচন কৰা গীতৰ ভিডিঅটো জিলা উপায়ুক্ত কাৰ্যালয়ৰ নামত থকা সামাজিক মাধ্যমৰ পেজত আপলোড কৰাৰ পিচৰে পৰা বিভিন্নজনে ভিডিঅটোকলৈ সমালোচনামূলক মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে বিয়লি বঙাইগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰাও গীতৰ ভিডিঅটোকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এখন সংবাদ মেল আয়োজন কৰি কংগ্ৰেছৰ তৰফৰ পৰা গীতৰ ভিডিঅ প্ৰস্তুতকলৈ ৰাজনীতিকৰণ কৰা হৈছে বুলিও অভিযোগ কৰে ৷ সংবাদ মেলত উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে কয় যে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ যিটো উৎসৱ আমি সকলোৱে দল -মত ,জাতি – জনগোষ্ঠী নিৰ্বিশেষে পালন কৰি আছো সেয়ে এই সময়ত আনক সমালোচনা কৰিবলৈ যদিও ভাল নালাগে তথাপিতো ক’বলগীয়া হৈছে ৷ আমাৰ বঙাইগাঁও জিলাখন মূলত দুটা থলুৱা জগোষ্ঠীৰ প্ৰতিনিধিত্ব আছে ৷ এনে ভালে কেইটা আছে যদিও মূলত কোচ ৰাজবংশী সম্প্ৰদায়ৰ আৰু দেশী সম্প্ৰদায়ৰ লোক আছে ৷ কিন্তু জিলা প্ৰশাসনৰ পৰা যিটো ভিডিঅ মুকলি কৰা হৈছে সেই ভিডিঅটোত কোচ ৰাজবংশী জনগোষ্ঠী আৰু দেশী জনগোষ্ঠীৰ কলা – সংস্কৃতি কোনো ধৰণে প্ৰতিফলিত হোৱা নাই ৷ বীৰ চিলাৰায়য়েই হওক আথবা দেশী জনগোষ্ঠীৰ নায়কেই হওক কোনো নায়কৰ নাম উল্লেখ কৰা হোৱা নাই ৷ ইয়াৰ বিপৰীতে দেখা যায় যে এজন বিধায়ককহে নায়ক হিচাপে প্ৰতিফলিত কৰা হৈছে ৷ গতিকে এই কথাটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেয়ে আমি উৰ্ধতম কৰ্তৃপক্ষ চৰকাৰকক অৱগত কৰিব বিচাৰিছো যে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ যিটো উৎসৱ তাতে যাতে ৰাজনীতিকৰণটো বন্ধ কৰা হয় ৷ লগতে ইয়াৰ বাবে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ বাবে অনুৰোধ জনায় ৷ আনহাতে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বঙাইগাঁও জিলাত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক বেছি যদিও ভিডিঅটোত কিন্তু জনগোষ্ঠীটোক কোনো গুৰুত্ব দিয়া হোৱা নাই ৷ প্ৰশাসন নিৰপেক্ষ হ’ব লাগে ৷কিন্তু আমাৰ দৃষ্টিত প্ৰশাসনে নিৰপেক্ষতা দৃষ্টিভংগী গ্ৰহণ কৰা নাই ৷ বৰং ৰাজনীতি কৰাটোৱে ওলাই আহিছে ৷ কোনোবাই ভাবিব পাৰে যে আমাৰ ফটো দেখুৱা নাই বাবে কথাখিনি কৈছো ৷ সেইটো আচলতে নহয় ৷ কাৰণ আমি হলো জনপ্ৰতিনিধি ৷ কোনে কোন দলৰ পৰা বিজয়ী হৈ আহিছে সেইটো বেলেগ কথা ৷ আমি সৰ্বসাধাৰণ ৰাইজৰ ভোট পাইয়ে বিজয়ী হৈ আহিছো ৷ কিন্তু কথা হ’ল স্বাধীনতা দিৱস উপলক্ষে ভিডিঅটোত যিসকলক দেখুৱাব লাগিছিল সেইসকলক বাদ দি নায়ক হিচাপে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰীকহে বনোৱা হৈছে ৷ সেয়ে মই ভাবো এইটো ৰাজনীতি হৈছে ৷ এইক্ষেত্ৰত আমি অসম চৰকাৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছো যাতে ভিডিঅটো চাই সংশোধনৰ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ এইটো কোনো দলৰ নহয়, বৰং ভাৰতবৰ্ষৰ প্ৰতিজন সৰ্বসাধাৰণ ৰাইজৰ ৷ সেয়ে ভিডিঅটো নিৰপেক্ষভাৱে বনাব লাগে আৰু সকলোকে সম মৰ্যদা দিব লাগে বুলি কয় ৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বঙাইগাঁও জিলা প্ৰশাসনেও স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উদযাপনাৰ্থে আন জিলাৰ দৰে গীতৰ ভিডিঅ মুকলি কৰিছে ৷

এই ভিডিঅত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰীৰ ফটোখন কেৱল দেখুৱা হৈছে ৷ কিন্তু তেওঁৱে অকল বঙাইগাঁৱক প্ৰতিনিধিত্ব কৰে নেকি? ফনীভূষণ চৌধুৰীয়ে অকল ৰাইজৰ ভোট পাইছে নেকি? জিলাখনৰ উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আছে, দক্ষিণ বিধান সভা সমষ্টিত বিধায়ক প্ৰদীপ সৰকাৰ আছে ৷ গতিকে তেওঁলোকতো ৰাইজৰ ভোট পাই বিধায়ক হৈছে ৷ সেয়ে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো যে এয়াই তেওঁলোকপ গণতন্ত্ৰ নেকি? গণতন্ত্ৰত সকলোকে সমানভাৱে অধিকাৰ দিব লাগে ৷ মুখ্যমন্ত্ৰীয়েও সকলোকে সমান চকুৰে চাম বুলি কৈ আছে ৷ কিন্তু আমি বঙাইগাঁৱতো দেখা নাই ? আমি লাচিতৰ দেশৰ মানুহ হয়, কিন্তু তাৰ লগে লগে এটা সময়ত এই অঞ্চলটো চিলাৰায়ৰ দেশ আছিল ৷ চিলাৰায়ৰ নাম কিয় উল্লেখ নাই? গতিকে আমি এইবোৰ বিষয়ত আমাৰ আপত্তি আছে আৰু সেয়ে শুধৰণি কৰি পুনৰ প্ৰচাৰৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে জিলা প্ৰশাসনে যিসকলক এই ভিডিঅটো প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিছিল সেইসকল কিমান দুৰ্দৰ্শী তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ৷

Leave A Reply