Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…

0 9

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ পল্লৱ প্ৰাণ শাণ্ডিল্যৰ জন্ম হৈছিল ১৯৮০ চনত দৰং জিলাৰ হাজৰিকাপাৰাত। দেউতাকৰ নাম প্ৰয়াত সতীশ চন্দ্ৰ শৰ্মা আৰু মাকৰ নাম জাহ্নৱী দেৱী। ভলীবল বুলি ক’লে অসমত হাজৰিকাপাৰাৰ এটি সুকীয়া পৰিচয় আছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ উদ্যোগত চলি থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাখনৰ জড়িয়তে হাজৰিকাপাৰাবাসীয়ে সদায় গৌৰৱ অনুভৱ কৰিব পাৰে।। ইয়াৰ লগে লগে হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই বিগত কেইবা বছৰো ধৰি ভলীবল খেলুৱৈৰ সৃষ্টিত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁলোকে সফলতাৰো মুখ দেখিবলৈ সক্ষম হৈছে। বহুকেইজন প্ৰতিভাৱান খেলুৱৈৰ জন্ম হৈছে উক্ত প্ৰশিক্ষণৰ জড়িয়তে। পল্লৱৰ ঘৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ খেলপথাৰৰ ওচৰতে হোৱা হেতুকে সৰুৰে পৰাই তেওঁ পাই আহিছে ভলীবল খেলৰ পৰিবেশ। প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী জয়ন্ত শৰ্মা আৰু প্ৰাক্তন ভলীবল খেলুৱৈ মুকুল শৰ্মাৰ তত্বাৱধানত পল্লৱে ভলীবলৰ আদি পাঠ গ্ৰহণ কৰি ১৯৯২ চনত হাজৰিকাপাৰাত অনুষ্ঠিত হোৱা ভলীবল প্ৰশিক্ষণ শিবিৰত অসমৰ ভলীবলৰ জ্যেষ্ঠ জনপ্ৰিয় ভলীবল প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতীৰ তত্বাৱধানত তেওঁ ভলীবলৰ স্কীল সমূহ নিয়াৰিকৈ শিকিবলৈ সুবিধা লাভ কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে প্ৰেমা শৰ্মা, পৰশুৰাম মহেশ্বৰী, ভূপেন চৌধুৰী আদিৰ পৰা ভলীবলৰ প্ৰশিক্ষণ লাভ কৰে।

১৯৯৪ চনত শিৱসাগৰৰ নিতাইপুখুৰীত অনুষ্ঠিত হোৱা আন্তঃ জিলা চাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ দৰং জিলাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো দৰং জিলাক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনে। ১৯৯৫ চনত যোৰহাটত অনুষ্ঠিত আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯ ৯৬ চনত তিনিচুকীয়াত, ১৯৯৭ চনত মঙ্গলদৈত আৰু ১৯৯৮ চনত বজালীত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯৯৭ চনত নলবাৰীৰ চামতাত অনুষ্ঠিত হোৱা ৰুৰেল ভলীবল চেম্পিয়নশ্বীপত ৰানাৰ্চ আপাৰ খিতাপ অৰ্জন কৰাৰ লগতে পল্লৱ প্ৰাণ শাণ্ডিল্যই শ্ৰেষ্ঠ স্মেচাৰৰ বঁটা লাভ কৰে। ইয়াৰ সুবাদতে অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ৰুৰেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ১৯৯৯ চনত বেজেৰাত অনুষ্ঠিত হোৱা ৰুৰেল ভলীবল চেম্পিয়নশ্বীপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ১৯৯৯ চনত তামিলনাডুত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰে। ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় ভলীবল চেম্পিয়নশ্বীপত পল্লৱে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। ২০০০ চনত মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা নেচনেল স্কুল চেম্পিয়নশ্বীপত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে।

১৯৯৬ চনৰ পৰা ২০১২ চনলৈ তেওঁ অসমৰ বিভিন্ন জিলাৰ আগশাৰীৰ দলৰ হৈ ভলীবল খেলি ৰাজ্যৰ প্ৰায় প্ৰতিখন নিমন্ত্ৰিত প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁ খেলা দলসমূহৰ নাম তেওঁ আজিও হৃদয়ত সাঁচি ৰাখিছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হা, গুইয়া ভলীবল কচিং চেন্টাৰ, মাৰ্ক ভলীবল দল, দিশপূৰ ভলীবল দল, বজালী ভলীবল দল, বৰপেটা ভলীবল দল, জালুকবাৰী ভলীবল দল, চতুৰ্থ এ পি বি এন, পূব নলবাৰী কচিং চেন্টাৰ আদি। সেই সময়ত সকলো দলৰ বাবে পল্লৱ প্ৰাণ শাণ্ডিল্য আছিল এগৰাকী আপুৰুগীয়া সম্পদ। তেওঁৰ ব্লক আছিল অসাধৰন। তেওঁৰ ব্লকেৰে ভাল খেলুৱৈ স্মেচ কৰিব পৰাটো একপ্ৰকাৰ চেলেঞ্জ আছিল। ইয়াৰ উপৰিও তেওঁৰ আছিল কুইক এটাক কৰিব পৰা অসাধাৰণ ক্ষমতা। যাৰ বাবে পতিপক্ষ দলৰ বাবে পল্লৱ আছিল মুৰৰ কামোৰণী। পল্লৱ দলত থকা মানেই দলটো জয়ৰ বাবে কিছু আগবাঢ়ি আছিল। সেইবাবেই অসমৰ জনপ্ৰিয় দল বিলাকে পল্লৱ দলত থকাটো সকলোৱে বিচাৰে। অতি নম্ৰ, ভদ্ৰ শান্ত স্বভাৱৰ, সুদৰ্শন চেহেৰাৰ পল্লৱে ভলীবলৰ জড়িয়তেই অসমত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হৈছিল। খেল এৰি দিয়াৰ পিছত তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। খেলি থকা সময়ত সকলোৰে নয়নৰমণি হৈ পৰা পল্লৱৰ এতিয়া খবৰ ল’বলৈ কাৰো আহৰি নাই। গোটেই জীৱনটো ভলীবলৰ নামত উৎসৰ্গা কৰা পল্লৱে নাপালে জীৱন জীবিকাৰ পথ। এই লৈ তেওঁৰ আক্ষেপ নাই যদিও তেওঁ কিদৰে চলি আছে সেয়া তেওঁহে জানে। আজিও তেওঁৰ ভলীবলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম কমি যোৱা নাই। এতিয়া তেওঁ ক্ৰীড়া সংগঠক হিচাপে ভলীবললৈ সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্হাৰ সহ সম্পাদক, হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত মাজে সময়ে প্ৰশিক্ষকৰ ভুমিকা পালন কৰাৰ উপৰিও ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত জন্ম হোৱা অসম ভলীবল মিছন-১০০ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগত জড়িত হৈ খেলুৱৈৰ সৃষ্টিত অৰিহনা যোগাই আহিছে। ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত বৰ্তমান অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মানৰ কাম চলি আছে। ব্ৰহ্মপুত্ৰ ভলীবল লীগে ইতিমধ্যে চতুৰ্থ সংস্কৰণ খেল শেষ কৰিছে। পল্লৱৰ আশা মিছন-১০০ৰ যোদ্ধা সকলে যি ধৰণে ভলীবলৰ নামত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে আহি থকা দিনত অসমৰ ভলীবল ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠাটো নিশ্চিত।

Leave A Reply