Breaking

চিলাপথাৰৰ চিলিত বাহনৰ খুন্দাত এটি হাতী পোৱালীৰ কৰুণ মৃত্যু

0 39

চিলাপথাৰৰ পৰা ডিমৌ দিশলৈ গৈ থকা অৱস্থাত কালি নিশা এখন তীব্ৰ বেগী বাহনে খুন্দিওৱাৰ ফলত এটি পোহনীয়া হাতী পোৱালীৰ থিতাতে মৃত্যু হয়। হাতী পোৱালিটো মাকৰ সৈতে চিলাপথাৰৰ চিলিস্হিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুজন গৰাকীৰ সৈতে গৈ থকা অৱস্থাত একে দিশৰ পৰা তীব্ৰ বেগীত অহা AS 06M – 8128 নম্বৰৰ বাহনখনে প্ৰচণ্ড ভাৱে হাতী পোৱালীটোক খুন্দা মৰাত পোৱালি টো থিতাতে মৃত্যু হয় ।

হাতীৰ মাউত দুজন লগতে গাড়ী চালক জন গুৰুত্বৰ ভাবে আহত হৈছে ৷ ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ আহত ব্যক্তিকেইগৰাকীক উন্নত চিকিৎসাৰ কাৰণে চিলাপথাৰলৈ প্ৰেৰণ কৰে ৷ ইপিনে মাকে হাতী পোৱালীটোক বিচাৰি নাপাই , ভয় খাই সেই স্হান ত্যাগ কৰি চুবুৰীয়া এখন গাঁৱত প্ৰৱেশ কৰা বুলি স্হানীয় লোকে জানিব দিছে ৷পৰশুৰাম নামৰ হাতী পোৱালি টোৰ মৃত্যুত অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ শোঁকৰ ছাঁ পৰে ।

Leave A Reply