Breaking

মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭.৯ কিলোগ্ৰাম হিৰ’ইনসহ এগৰাকী ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ…

0 58

দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত শেহতীয়াকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে চোৰাং সামগ্ৰী সৰবৰাহৰ ঘটনা। ড্ৰাগছৰ পৰা আৰম্ভ কৰি বন্য জীৱ-জন্তুলৈ যোৱা কেইমাহমানত দেশৰ কেইবাটাও বিমানবন্দৰত জব্দ কৰিছে কেন্দ্ৰীয় সংস্থাসমূহে। এইবাৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭.৯ কিলোগ্ৰাম হিৰ’ইনসহ এগৰাকী ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় ৫০ কোটি টকা হ’ব সদৰী কৰিছে অভিযানকাৰী ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে। ডি আৰ আই, মুম্বাই মণ্ডল ইউনিটে ২৫ নৱেম্বৰত আদিছ আবাবাৰ পৰা মুম্বাই অভিমুখী কেইগৰাকীমান যাত্ৰীয়ে কিছু নিচাজাতীয় পদাৰ্থ সৰবৰাহৰ কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰে।

এই নিৰ্দিষ্ট চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডি আৰ আই বিষয়াৰ এটা দলে অভিযান আৰম্ভ কৰে।

সন্দেহযুক্ত যাত্ৰীকেইজনক চিনাক্ত কৰি অভিযানকাৰী দলটোৱে আটক কৰি তালাচী চলায় আৰু তেওঁলোকৰ ট্ৰলী বেগৰ ভিতৰত লুকুৱাই থোৱা পাউদাৰ থকা কিছুমান পেকেট উদ্ধাৰ হয়।

Leave A Reply