Breaking

চতিয়াৰ বাৰভুঞাৰ অৰুণ ৰংগ মঞ্চত ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান ! গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সদ্য অৱসৰী ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• অশোক বৰাক গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন…

0 44

চতিয়াৰ বাৰভুঞাৰ অৰুণ ৰংগ মঞ্চত ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান ৷গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সদ্য অৱসৰী ভুগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• অশোক বৰাক গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্যোগত গাওবাসীৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ জীৱনৰ ৩৩ টা বছৰ গুৱাহাটী বিশ্ব বিদ্যালয়ত ভুগোল বিজ্ঞান বিষয়ত অধ্যাপনা কৰি বিভাগটোৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভুগোল বিজ্ঞানী চতিয়াৰ বাৰভুঞা গাঁৱৰ সু সন্তান ড° অশোক বৰাক এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে তেখেতৰ গৱেষক ছাত্ৰ ছাত্ৰী, গাওঁবাসী আৰু গুণমুগ্ধ সকলে ৷আজিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসমৰ প্ৰায় সকলো আগশাৰীৰ, মহাবিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ অধ্যাপক, অধ্যাপিকা সকলৰ লগতে গৱেষক ছাত্ৰ ছাত্ৰী সকল অৱসৰী অধ্যাপক জনৰ সম্বৰ্ধনা জনাবলৈ অনুষ্ঠানটোত উপস্থিত হয় ৷

অৰুণ পুথিভৰালৰ সভাপতি লোহিত ভুঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী কলেজৰ ভুগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° ধ্ৰুৱজ্যোতি ৰাজবংশীয়ে ৷ইয়াৰ পিছতে গবেষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰিচয় দাঙি ধৰে অশোক বৰাই ৷অৱসৰৰ সময়ত অশোক বৰাই গাওঁবাসীলৈ উচৰ্গা কৰা “শংকৰ গুৰুৰ অমৃত বাণী, জীৱনৰ সঞ্জীৱনী “নামৰ গ্ৰন্হখন উন্মোচন কৰে দেবেন হাজৰিকা, হৰ্ষ বৰা আৰু শুভেশ্বৰ ভুঞাই ৷গ্ৰন্থ উন্মোচনৰ পিছতে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত গৱেষক ছাত্ৰ ছাত্ৰীৰ হৈ গামোচা, শৰাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° ধ্ৰুৱজ্যোতি চহৰীয়া মুৰব্বী অধ্যাপক, ড° নিত্যানন্দ ডেকা, ড° মৃনাল বৰুৱা,নগাওঁ কলেজৰ ড°ধ্ৰুৱ বৰুৱা, দৰং কলেজৰ ড° লক্ষ্মী ৰয়,

নগাও কন্যা মহাবিদ্যালয়ৰ ড° নীলোৎপল কলিতা কে প্ৰমুখ্য কৰি ঢেকীয়াজুলি lokd কলেজ, পায়নীয়াৰ ডিগ্ৰী কলেজ, ডিমৰীয়া কলেজ, নাজিৰা কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্যবিদ্যাপীঠ, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, ৰহা কলেজ, উত্তৰ লক্ষীমপুৰ কলেজৰ ভুগোল বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক সকলে ৷ইয়াৰ লগতে গাওঁ সংগঠন আৰু অৰুণ পুথিভৰালৰ লগতে বহু সংখ্যক গুনমুগ্ধই ব্যক্তি গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ইয়াৰ পিছতে বৰা দেৱৰ সন্মানাৰ্থে “গাঁৱলৈ মনত পৰে ” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই ৷মুখ্য অতিথিৰ ভাষণত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই গাৱৰ বোকা পানীৰ গোন্ধৰে সংপৃক্ত অশোক বৰাৰ জীৱনৰ সোনোৱালী যাত্ৰা উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ বুলি মন্তব্য কৰে ৷উপস্থিত ৰাইজৰ ভাষণত অৱসৰী অধ্যাপকজনে নিজৰ দায়িত্ব পালন কৰিও গাঁৱৰ ভাওনা সবাহত অংশ গ্ৰহনৰে কেনেকৈ নিজকে মূলৰ পৰা ছিন্ন নোহোৱাকৈ ৰাখিছিল সেই কথা প্ৰতিফলিত হৈছিল ৷এজন ব্যক্তি কেনেদৰে এটা অনুষ্ঠানলৈ পৰ্যবসিত হয় তাৰ উদাহৰণ আজিৰ সম্বৰ্ধনা সভাখনেই প্ৰমাণিত কৰিলে বুলি সভাত উপস্থিত সকলে মন্তব্য কৰিছে

Leave A Reply