Breaking

ব্যতিক্রমী ৰূপত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱস উদযাপন এখন বিদ্যালয়ৰ

0 1,787

স্বাধীনতা দিৱসৰ সমগ্র কাৰ্যসূচী কণ কণ ছাত্র ছাত্রীয়ে চলাইছে।স্বাধীনতা দিৱসত প্ৰান আহতি দিয়া কণকলতাৰ গহপুৰত হোৱা ঘটনাৰ বাস্তব কাহিনীৰ মাধ্যমত নাট্য প্ৰদৰ্শন।আজি সমগ্র দেশে উদযাপন কৰিছে স্বাধীনতা দিৱস। আজাদী কা অমৃত মহোসৱৰ লগত সংগতি ৰাখি সমান্তৰালকৈ ব্যতিক্রমী ৰূপত স্বাধীনতা দিৱস উদযাপন জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৩২০ নং জাৰামাৰী জে বি বিদ্যালয়ৰ।বহু প্ৰচেষ্টাৰ ফলস্বৰূপে গঢ়ি তুলিছে এইখন বিদ্যুালয়।

বিদ্যালয়ৰ পাঠদান কোঠালিৰ দেখিলে আপুনিও আচৰিত হব ইমানেই আটক ধুনিয়াকে সজাই বিদ্যালয়ৰ পাঠদান কোঠালিবোৰ । ছাত্র-ছাত্ৰী সকলে পাঠদানৰ ক্ষেত্রত অধিক সহায়তা হোৱাকে বিভিন্ন ধৰণৰ চিত্ৰাংকণ সজোৱা হৈছে। বিদ্যালয় খনৰ প্ৰাথমিক পৰ্যায়ৰ তথা কণ কণ ছাত্র – ছাত্রীয়ে পুৱা ৭ঃ৩০ মিনিটত পতাকা উত্তোলনৰে আৰম্ভ কৰি বহুতো কাৰ্যসূচীৰ ভিতৰত বিভিন্ন নৃত্য-নাট্ৰ, স্বদেশ মূলক গান আৰু বক্ততা অনুষ্ঠানেৰে সামৰণি মাৰে ।

Leave A Reply