Breaking

৫৫ কোটিটকীয়া এখন ব্যয়বহুল বিয়া। য’ত উপস্থিত আছিল ৪২খন দেশৰ অতিথি। সকলোৱে দিলে বাহঃ বাহঃ…

0 101

৮ বছৰ পূৰ্বে হৈ যোৱা এখন বিবাহক লৈ আজিও চৰ্চা হয়। আপুনি নিশ্চয় বলীউডৰ পৰা ব্যৱসায়ীলৈকে বহু বিবাহ দেখিছে। কিন্তু আজি আমি আপোনালোকক এনে বিবাহৰ কথা ক’ম যিখন বিয়াৰ বিষয়ে ৮ বছৰৰ পিছতো আলোচনা হৈ আছে। এয়া বিয়া খন আন কাৰো নহয়, ভাৰতৰ বিখ্যাত ব্যৱসায়ী ৰবি পিল্লাইৰ কন্যা আৰতি পিল্লাইৰ বিবাহ। এই বিয়া খন দেখি সকলোৰে মুখে মুখে বাহঃ বাহঃ দিছিল। ২০১৫ চনৰ ২৬ নৱেম্বৰত অনুষ্ঠিত হোৱা এই গ্ৰেণ্ড বিয়াখনত ৫৫ কোটি টকা ব্যয় কৰা হৈছিল। কেৰালাৰ কোল্লামত বাস কৰা আদিত্য বিষুৰ সৈতে আৰতি পিল্লাই বিবাহপাশত আবদ্ধ হৈছিল। এই বিয়াখনক আজিও মানুহে প্ৰশংসা কৰে।

৪২খন দেশৰ পৰা ৩০ হাজাৰ অতিথি আহিছিল এই বিয়াখনলৈ। চেমচাং আৰু জাপান গেছ কৰ্প’ৰেশ্যনৰ চিইঅ’সকলকো উপস্থিত আছিল। কাটাৰৰ ৰয়েল ফেমিলিও এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই বিলাসী বিয়াখনত ১১ প্ৰকাৰৰ সুস্বাদু পৰম্পৰাগত ব্যঞ্জন ৰখা হৈছিল। এই বিবাহত ৰবি পিল্লাই পানীৰ দৰে টকা খৰচ কৰিছিল। এই বিবাহত মুঠ ৫৫ কোটি টকা খৰচ হৈছিল। যিখন কেৰালাৰ আটাইতকৈ ডাঙৰ বিয়া বুলি গণ্য কৰা হৈছিল। আৰতিৰ বিয়াৰ বাবে পদুম থিমৰ মণ্ডপটো ডিজাইন কৰিছিল ছাবু চাইৰিলে, যিয়ে এছ এছ ৰাজামৌলিৰ ‘বাহুবলী’ আৰু ‘মেগনাম অপাছ’কে ধৰি বহু ছবিৰ চেট ডিজাইন কৰিছে। ৭৫ দিনত নিৰ্মাণ কৰা এই মণ্ডপটো প্ৰস্তুত কৰাত ২০ কোটি টকা ব্যয় কৰা হৈছিল। এই বিয়াৰ চেটটো প্ৰথমে মুম্বাইত মাটিৰে প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পিছত ইয়াক প্লাষ্টাৰ অৱ পেৰিছত প্ৰস্তুত কৰা হয়। এই মণ্ডপক এই স্থানলৈ স্থানান্তৰিত কৰিবলৈ ৪০ দিন সময় লাগিছিল।

আৰতিয়ে এই বিয়াত মনীষ মালহোত্ৰাৰে ডিজাইন কৰা এখন শাৰী পিন্ধিছিল। লগতে তাই পিন্ধা সকলো অলংকাৰ হীৰাৰ আছিল। এই বিয়াখন দেখি সকলো আচৰিত হৈ পৰিছিল।

Leave A Reply