Breaking

খুমটাই সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত চকু পৰীক্ষা আৰু চশমা প্ৰদান শিবিৰ…

0 68

ভাৰত বিকাশ পৰিষদ,স্নেহপদ আৰু ভিছন স্প্রীংৰ সহযোগত আজি ব্ৰহ্মপুত্ৰ অঞ্চল খকণ্ডগুৰি নাট্য মন্দিৰত ভিজন স্প্ৰীং ডা: সৌৰভ কুমাৰ আৰু সুৰুজ টিপ্ৰাথীয়ে বিনামূলীয়াকৈ চকু পৰীক্ষা লগতে প্ৰয়োজনীয় চশমাও প্ৰদান কৰে।

উদ্যোক্তা যুৱ নেতা বিদ্যুৎ বৰাই কয় যে,দৰিদ্ৰ ৰোগীসকলৰ সুবিধাৰ্থেই আমি এইদৰে গ্ৰামাঞ্চলৰ কৃষকসকলক চকুৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছো৷উল্লেখ্য যে,আগন্তুক দিনত খুমটাই সমষ্টি প্ৰতিটো পঞ্চায়তে-পঞ্চায়তে চকু পৰীক্ষা আৰু চশমা প্ৰদান শিবিৰৰ আয়োজিত কৰিব,চকুৰ অস্ত্ৰোপচাৰ কৰাৰ সুবিধা প্ৰদান কৰিব বুলিও জানিব দিছে উদ্যোক্তাসকলে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply