Breaking

এখন বিদেশ ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ ! পথটো বৰ্তমান আছে কেনেদৰে…

0 73

এখন বিদেশ ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ ।সামৰিক ,
ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবেও অতি স্পৰ্শকাতৰ ঘাইপথটো । বহিশক্ৰৰ পৰাও দেশবাসীক নিৰাপদে ৰাখিবলৈ অতিকৈ প্ৰয়োজন ঘাইপথটো । যদি দেশৰ বাবেই সকলো ক্ষেত্ৰতে পথটো অতি গুৰুত্বপূৰ্ণ ,
তেতিয়াহলে পথটো বৰ্তমান আছে কেনেদৰে ?


হয় ,এইটো ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ ।ৰঙিয়াৰ মাজেৰে গৈ পথটো তামুলপুৰ হৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চানদ্ৰুপজাংখাৰ পাইছেগৈ । আজি এই ঘাইপথটোৰ দুৰৱস্থা দেখুৱাম আপোনাক ।যোৱাটো বৰ্ষত পুঠিমাৰী নৈৰ প্ৰলয়ংকৰী বানে ৰঙিয়াৰ বালাগাওত চলাইছিল তাণ্ডৱ ।বানত অঞ্চল টোৰ মাজেৰে যোৱা ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোৰ পশ্চিম অংশ ঘহাই পেলাইছিল বলিয়াবানে । বানত বিধস্ত হৈছিল দলঙৰ লগতে বহু কালৰ্ভাট । বানপানী যোৱাৰ এতিয়া লাহেকৈ এবছৰ হব ।কিন্তু বিধস্ত পথটো মেৰামতি কৰিবলৈ সময় নহ’ল লোকনিৰ্মাণ বিভাগৰ ।

বানপানীৰ সময়ত বিভাগটোৱে বিধস্ত হোৱা প্ৰায় দুই কিলোমিটাৰ পথত কেইডাল মান বাহ বান্ধি আৰু কেইটামান বস্তা দিয়ে সামৰিলে ৰঙিয়াৰ বাৰ্মিজ নগৰত থকা লোকনিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলটোৱে । বিভাগ টোৱে পথত দিয়া বাহ আৰু মাটিৰ বস্তাৰ প্ৰায়খিনিয়েই নিচিহ্ন হৈ পৰিছিল এমাহমান পিছতে । পথটোত এতিয়া দেখা যায় দুই এডাল বাহ আৰু দুই এটা বস্তা । পথটোত সুৰক্ষা মূলক ব্যৱস্থা নথকাত এতিয়া সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ঠাইখিনিত এতিয়া দুৰ্ঘটনা হোৱাটো নিত্য-নৈমত্তিক ঘটনাত পৰিণত হৈ পৰিছে । বিধস্ত পথটোত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ উপৰি চিৰদিনৰ বাবে ঘুণীয়া হৈছে বহু লোক । তাৰপিছতো নূন্যতম কাণ্ড জ্ঞানহীনতাৰ পৰিচয় দিছে লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় সংমণ্ডলটোই । কেইবামাহ যোৱাৰ পিছতো কোনো ধৰণৰ মেৰামতি আৰু সুৰক্ষা মূলক ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজৰ দাবী –পথটোত যদি পুনৰ দুৰ্ঘটনা হয় তাৰ বাবে দায়ী হব লোক নিৰ্মাণ বিভাগ । সম্প্ৰতি বিপদ শংকুলভাবে গাড়ী মটৰৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰী যাব লগা হৈছে যমদূত সদৃশ পথটোৰে ।

Leave A Reply