Breaking

মৰিগাঁও জিলা কাৰাগাৰত এক মনোজ্ঞ অনুষ্ঠান…

0 66


টেলেণ্ট ক্লাৱৰ সহযোগিতাত মৰিগাঁও কাৰাগাৰত
বন্দীত্ব জীৱন যাপন কৰা আবাসীসকলৰ স’তে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। জিলা কাৰাগাৰৰ অধীক্ষক শ্ৰীযুত ৰঞ্জন চৌধুৰীৰ সহযোগিতাত প্ৰায় ৬৫ জন কয়দী আৱাসীৰ যোগদানেৰে কাৰাগাৰ প্ৰাঙ্গনৰ পুথিভঁৰালত ২ঘন্টীয়া অন্তৰংগ আলাপৰ মনোজ্ঞ অনুষ্ঠানত কিছু কিতাপ বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ বিশিষ্ট কবি সাহিত্যিক জ্যোতিষ বৰ্মন, সপ্ত-সিন্ধু প্ৰকাশনৰ স্বত্বাধিকাৰ আৰু নৰ্থ -ইষ্ট আৰ্টিষ্টিক টেলেণ্ট ক্লাৱৰ মুখ্য সম্পাদক ৰশ্মিৰেখা কাশ্যপ , মৰিগাঁও জিলাৰ সাংবাদিক পৰিষদৰ সভাপতি আৰু দৈনন্দিন বাৰ্তাৰ মৰিগাঁও জিলাৰ ব্যুৰচীফ সুশীল নাথ, সাংবাদিক কৃষ্ণ কুমাৰ নাথ আৰু মৰিগাঁও জিলা পুথিভঁৰালৰ কক্ষ সহায়ক হেমন্ত তুমুং,মৰিগাঁও জিলা পুথিভঁৰালৰ অধীনৰ গ্ৰাম্য পুথিভঁৰালী সন্তৰাম বৰা ,দীপক বৰা আৰু পাৰ্থ

চক্ৰৱৰ্তী উপস্থিত থাকে । উক্ত অন্তৰংগ আলাপটিৰ জৰিয়তে বন্দী জীৱন যাপন কৰা ব্যক্তিসকলৰ জীৱনশৈলী সম্পৰ্কত আলোচনা কৰাৰ লগতে অপৰাধীসকলে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছত সুন্দৰ জীৱন যাপন কৰি অপৰাধমুক্ত জীৱন যাপন কৰাৰ ক্ষেত্ৰত কিছু প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায় উপস্থিত অতিথিসকলে ।বন্দীশালত থকা কয়দীসকলৰ দ্বাৰা অসমীয়া ,হিন্দী গীতৰ উপৰিও ঘোষা-কবিতা আদিৰ মাজেৰে অন্তৰংগ আলাপৰ অনুষ্ঠানটি জীপাল হৈ পৰে ৷


আন্তঃপুথিভঁৰাল কিতাপ আদান-প্ৰদান(ধাৰৰ ৱ্যৱস্থা) সেৱাৰ (Interlibrary Loan service) জৰিয়তে কাৰাগাৰ পুথিভঁৰালত কয়দী আৱাসীৰ ৰুচিৰ লগত ৰজিতা থকা কিতাপ যোগান ধৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে জিলা গ্ৰন্থাগাৰিকে । কয়দী আৱাসীৰ অসুখ-অসুবিধা সমূহ অৱগত হোৱাৰ পিছত সমাজ-সেৱক জ্যোতিষ বৰ্মনে কাৰাগাৰ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে ব্যৱস্থা গ্ৰহনৰ বাবে অধীক্ষক মহোদয়ৰ লগত কথা বতৰা পাতে আৰু অনতিপলমে এইক্ষেত্ৰত পদক্ষেপ লোৱা হ’ব বুলি অৱগত কৰায়।সপ্ত-সিন্ধু প্ৰকাশনৰ স্বত্বাধিকাৰী ৰশ্মিৰেখা কাশ্যপে কবিতা গল্প লিখা কয়দী সকলৰ লিখা বাতৰিকাকত,আলোচনীত প্ৰকাশৰ বাবে যাৱতীয় ব্যৱস্থা ল’ব বুলি আটাইকে জনায় আৰু লিখাৰ প্ৰতি মনোযোগ দিবলৈ অনুৰোধ কৰে। মনোজ্ঞ অনুষ্ঠানৰ সফল সমাপ্তি ঘটে ৰশ্মিৰেখা কাশ্যপৰ শলাগৰ শৰাইৰে ।

Leave A Reply