Breaking

ক’ভিড চেন্টাৰত এজন বিধায়ক; পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি

0 1,036

পিপিই কীট পিন্ধি ক’ভিড চেন্টাৰত এজন জনপ্ৰতিনীধি। ডিমৌ বৰুৱা চাংমাইস্থিত ক’ভিড চেন্টাৰত PPE KIT পিন্ধি ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ক’ভিড চেন্টাৰটো পৰ্যবেক্ষণ কৰিলে বিধায়ক সুশান্ত বৰগোহাঁয়ে।সংবাদ মাধ্যমৰ আগত বিধায়ক সুশান্ত বৰগোহাঁইয়ে কয়, “আজি থাওৰা বিধানসভা সমষ্টিৰ ডিমৌ বৰুৱা চাংমাই গাঁওস্থিত পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানত স্থাপন কৰা ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰটোত ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীৰ সৈতে উপস্থিত হৈ কভিড আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰোগীসকলে পাব লগা সা-সুবিধা আদিৰ সম্পৰ্কে খবৰ লওঁ। ডিমৌৰ এই ক’ভিড কেয়াৰ চেন্টাৰে যথেষ্ট ভাল কাম কৰি আছে। ক’ভিড চেন্টাৰটোৰ পৰা আমাৰ থাওৰা সমষ্টিত যিমান ক’ভিড ৰোগী আছে, সকলোখিনিয়ে সকাহ পাইছে। ইয়াত কৰ্তব্যৰত চিকিৎসক, নাৰ্চৰ লগতে আন আন বিভাগীয় লোকসকলে যিধৰণেৰে কষ্ট কৰিছে, তাৰফলত থাওৰা সমষ্টিত ক’ভিডক পৰাভূত কৰিব পৰা এক পৰিস্থিতিলৈ আহিছো। “

Leave A Reply