Breaking

বৰপেটাৰ কাছুমাৰাত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু

0 94


বুধবাৰে পুৱাৰ ভাগত অহা তীব্রবেগী ধুমুহাই কাল হ’ল এগৰাকী বৃদ্ধাৰ। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়াত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। জানিব পৰা মতে দক্ষিণ মৈৰাদিয়া গাঁওৰ ৭৫ বছৰীয়া, আন্না খাতুন নামৰ বৃদ্ধা গৰাকীয়ে সুলভ মূল্যৰ চাউল লৈ ঘৰলৈ উভতাৰ পথত প্ৰচণ্ড ধুমুহাৰ মুখামুখি হয়।

এই ধুমুহাত বতাহৰ গতিবেগ ইমানেই বেছি আছিল যে, বামত থকা এখন প্ৰকাণ্ড নাও উৰুৱাই বৃদ্ধা গৰাকীৰ ওপৰত পেলায়। যাৰফলত ঘটনাস্থলীতে মৃত্যু হয় বৃদ্ধা গৰাকীৰ। এই ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত। ইপিনে প্ৰচণ্ড ধুমুহাত দক্ষিণ মৈৰাদিয়া গাঁওৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে আৰু কৃষি পথাৰতো বিস্তৰ -ক্ষতি সাধন কৰে। বুধবাৰে পুৱাৰ ভাগত অকষ্মাতে অহা ধুমুহাত আতংকিত হৈ পৰে অঞ্চলবাসী ।

Leave A Reply