Breaking

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

0 2,092

নিজৰ সাধনা আৰু প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসমৰ এগৰাকী খ্যাতনামা অভিনেতা বৰেন্য শিল্পী বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আগবঢ়োৱা হৈছে। নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিশিষ্ট অভিনেতা গৰাকীলৈ  এই বঁটা আগবঢ়ায়।

উল্লেখ্য, যোৱা শতিকাৰ সত্তৰৰ দশকত  অভিনয়ৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰা বিষ্ণু খাৰঘৰীয়াই এই পৰ্যন্ত ত্ৰিশ খনতকৈ অধিক ছবিত অভিনয় কৰিছে ৷ তেওঁ ১৯৯৫ আৰু ২০১৩ চনত দুবাৰকৈ ৰাষ্ট্ৰীয় চলিচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰি ১৯৯৬ চনত ছিংগাপুৰ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল।

আজি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে অভিনেতা বিষ্ণু খাৰঘৰীয়াক ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন  বঁটাৰ বাবে মনোনীত কৰাৰ বিষয়ে জানিবলৈ দিয়ে ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত  বিশিষ্ট অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব ৷

উল্লেখ্য যে, ২০১৭ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে ৷ ২০১৭ বৰ্ষত এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল বিশিষ্ট কৃষি বিজ্ঞানী ড৹ বিদ্যুৎ শৰ্মাক ৷ আনহাতে ২০১৮ আৰু ১৯ বৰ্ষত এই বঁটা ক্ৰমে ভাষাবিদ মাহেন্দ্ৰ পাদুং আৰু মানৱ অধিকাৰ কৰ্মী বীৰুবালা ৰাভাক প্ৰদান কৰা হৈছিল ৷ ২০২০ বৰ্ষৰ বাবে এই বঁটা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰিবলৈ পাই মহাবিদ্যালয়খনৰ পৰিয়ালে গৌৰৱ অনুভৱ কৰা বুলি অধ্যক্ষ ড৹ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ।

Leave A Reply