Breaking

বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…

0 18

দ্বিতীয়বাৰৰ বাবে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু এইবাৰ  নিজ দেশত নহয়। এই অনুষ্ঠান বিদেশত অনুষ্ঠিত হ’ব। কেৱল এখন প্ৰি-ৱেডিং অনুষ্ঠানৰ দ্বাৰাই আড়ম্বৰ আৰু ধুমধামৰ বিবাহ অনুষ্ঠান শেষ নহয়। এইবাৰ ফ্ৰান্সৰ দক্ষিণত অনন্ত আৰু ৰাধিকাৰৰ প্ৰি-ৱেডিং অনুষ্ঠান হ’ব পাৰে। কিন্তু বিলাসী হোটেলত নহয়। এখন জাহাজত আয়োজন কৰা হ’ব এই অনুষ্ঠান। এইবাৰ ফ্ৰান্সৰ দক্ষিণত অনন্ত আৰু ৰাধিকাৰৰ প্ৰি-ৱেডিং অনুষ্ঠান হ’ব পাৰে। কিন্তু বিলাসী হোটেলত নহয়। এখন জাহাজত আয়োজন কৰা হ’ব এই অনুষ্ঠান।

দক্ষিণ ফ্ৰান্সৰ ক্ৰুজ’ত অনন্ত আৰু ৰাধিকাই প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব। এই ক্ৰুজে যিকোনো বিলাসী হোটেলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। ২৮ মে’ৰ পৰা ৩০ মে’ – অনন্ত আৰু ৰাধিকাৰৰ তিনিদিনৰ বাবে প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু অতিথি তালিকাখন বৰ দীঘলীয়া নহ’ব। আম্বানী আৰু মাৰ্চেণ্ট পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ক অতিথি তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। অনন্ত আৰু ৰাধিকাৰ ঘনিষ্ঠ বন্ধুকো নিমন্ত্ৰণ কৰা হ’ব।

Leave A Reply