Breaking

প্ৰথম দৰমহাৰে ভনীয়েকৰ টিউচন মাচুল দিছিল অনন্যা পাণ্ডেয়ে! আপুনি আপোনাৰ প্ৰথম দৰমহাৰ পইচাৰে কি কৰিছিল…

0 43

অনন্যা পাণ্ডেৰ প্ৰথম পে-চেকঃ শেহতীয়াকৈ ‘খো গায় হম কাহান’ ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত অনন্যা পাণ্ডে আৰু চিনেমাখনৰ বাকী অভিনেতা-অভিনেত্ৰীসকলে প্ৰথম পে-চেকেৰে কি কৰিলে সেই কথা প্ৰকাশ কৰে। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধান্ত চতুৰ্বেদী আৰু আদৰ্শ গৌৰৱে। অভিষেক অৰ্জুন বৰিণ সিঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰ শেহতীয়াকৈ মুক্তি লাভ কৰিছে। অনন্যা পাণ্ডেৰ আগন্তুক ছবি ‘খো গায় হম কহান’ৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলক সোধা হৈছিল যে তেওঁলোকে প্ৰথমখন ডাঙৰ পে চেকেৰে কি কিনিলে। ইয়াৰ উত্তৰত অনন্য পাণ্ডেই কয়, “মই মোৰ ভণ্টিৰ টিউচন মাচুল দিছিলো কাৰণ মই তাইৰ বিকাশ আৰু শিক্ষণত যিকোনো প্ৰকাৰে অৰিহণা যোগাব বিচাৰিছিলো।”


বিখ্যাত অভিনেতা চাংকি পাণ্ডে আৰু ভৱনা পাণ্ডেৰ কন্যা অনন্যা। তেওঁৰ ভগ্নীৰ নাম ৰিছা পাণ্ডে, যিয়ে লাইমলাইটৰ পৰা আঁতৰি থাকে। প্ৰথম পে-চেক কেনেকৈ ব্যৱহাৰ কৰিব সেই প্ৰশ্নত সিদ্ধান্ত চতুৰ্বেদীয়ে স্মৰণ কৰি কয় যে তেওঁ এতিয়া ১৯ বছৰীয়া ভাতৃৰ বাবে PS5 কিনিছিল।

Leave A Reply