Breaking

চচল কঁপালে অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাই, ২০ জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল’লে ধাৰাবাহিক আন্দোলনৰ হুঙ্কাৰ

0 82

সোমবাৰে চি আই টি ইউৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে পাঁচ সহস্ৰাধিক অঙ্গনৱাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাই চচলৰ ধৰ্ণাস্থলী কঁপাই তোলে।

প্ৰখৰ ৰদকো নেওচি পুৱা ১০ বজাৰ পৰা ১ বজালৈ উত্তপ্ত শ্লোগান দি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলাই। অৱশেষত ধৰ্ণাস্থলীৰ পৰা ওলাই যাবলৈ উদ্যত হৈ পৰে। মহানগৰ আৰক্ষীৰ এক বিশাল বাহিনীয়ে বেৰিকেড সৃষ্টি কৰি বাধা প্ৰদান কৰিব লগা হয়।

পিচত দিছপুৰ মণ্ডলৰ সহ আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আৰক্ষী আয়ুক্তই অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ উচ্চ পদস্থ বিষয়া দেৱজিৎ বৰা আৰু প্ৰমোদ কাকতিক মাতি আনে আৰু স্মাৰক পত্ৰ প্ৰদান কৰোৱায়।

দেৱজিৎ বৰাই জানিবলৈ দিয়ে যে এই দাবীবোৰ মীমাংসা কৰিবলৈ বিভাগীয়ভাৱে প্ৰচেষ্টা চলাই থকা হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দৰ সৈতে ২০ জুলাইৰ ভিতৰত আলোচনাৰ ব্যৱস্থা কৰা হ’ব। বৰাই মাইক যোগে ঘোষণা কৰে যে সকলো মিনি অঙ্গনৱাড়ী কেন্দ্ৰ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ চলি আছে।

সকলো কেন্দ্ৰৰ ঘৰ পুনৰ নিৰ্মাণ কৰাৰ কাৰণেও পদক্ষেপ চলি আছে। তেখেতে আৰু জনায় যে ইতিমধ্যে ধৰ্মঘটৰ নামত মাননি কৰ্তন কৰা জাননী প্ৰত্যাহাৰ কৰাৰ বিষয়ে বিভাগে বিবেচনা কৰি আছে। অৱসৰ সময়ৰ এককালীন সাহাৰ্যৰ ধন সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে। তথাপিও নোপোৱা সকলৰ তালিকা সঞ্চালক কাৰ্যালয়ত জমা দিব লাগে। অৱশ্যে ৰাজ্যিক সন্থাৰ নেতৃবৃন্দই স্পষ্টভাৱে জনাই দিয়ে যে ২০ জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল’লে ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব। ৰাজ্যিক সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ স্বাক্ষৰিত স্মাৰক পত্ৰ যুটীয়া সঞ্চালক দেৱজিৎ বৰাই গ্ৰহণ কৰে।


বিক্ষোভত উপস্থিত থাকি সন্থাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে আমি অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছে কিয়নো কাম অনুযায়ী আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিয়া সামান্য মাননিহে পায় আছো। সংহত শিশু বিকাশ আঁচনি (ICDS )ৰূপায়ণ কৰাৰ উপৰিও বৰ্তমান চৰকাৰে কৰ্মী-সহায়িকাসকলক অৰুণোদয়, আয়ুস্মান ভাৰত, নিৰ্বাচন আয়োগৰ জৰীপ, দিব্যাঙ্গ সকলৰ জৰীপ আদিৰ লগতে পোঁষণ ট্ৰেকাৰৰ কাম অতিৰিক্তকৈ জাপি দিছে।

এক কথাত ক’বলৈ গ’লে এই সকল কৰ্মী আৰু সহায়িকা মানৱ সম্পদ গঢ়া যন্ত্ৰত পৰিণত হৈছে। আই চি ডি এছৰ তৃণমূল স্তৰৰ কৰ্মৰত অঙ্গনৱাড়ী কৰ্মী, মিনি কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলে শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লৈ মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বুনিয়াদী আঁচনিখনত সেৱা আগবঢ়াই আছে। এইকথা নকৈ দোহৰাৰ প্ৰয়োজন নাই যে তৃণমূল স্তৰত কৰ্মী আৰু সহায়িকাৰ পৰিশ্ৰম অবিহনে আই চি ডি এচ আঁচনিখন শক্তিশালীভাৱে ৰূপায়ণ কৰাতো অসম্ভৱ।


চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে কেৱল অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাই নহয় অন্যান্য আঁচনিভুক্ত কৰ্মচাৰী যেনে – আশা আৰু ৰন্ধন কৰ্মচাৰীসকলো অসমত অসম চৰকাৰৰ দ্বাৰা শোষণৰ বলি হৈ আছে। ‘বেটি বচাওঁ, বেটি পঢ়াওঁ’ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত আজি মাত্ৰ এহাজাৰ বা দুহেজাৰ টকা মাননিৰ ধন লৈ একোখন পৰিয়ালৰ দায়িত্ব বহন কৰি থাকিব লগা হৈছে আঁচনিভুক্ত কৰ্মচাৰীসকলে। একোগৰাকী মহিলা কৰ্মচাৰীক মাত্ৰ 3,২৫০ টকা মাহিলি মাননি প্ৰদান কৰি প্ৰচণ্ড শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈ আছে বিজেপি চৰকাৰৰ দিনত।

তেখেতে আৰু কয় যে কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাতো দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ। প্ৰচলিত শ্ৰম আইন সমূহেও তাকেই নিৰ্দেশনা দি আহিছে। ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৪ আৰু ৪৫ বৈঠকৰ পৰামৰ্শ মতে বৰ্তমানৰ বজাৰত বস্তুৰ দাম অনুসৰি একোজন কৰ্মচাৰীৰ পাৰিতোষিক অতি কমেও মাহিলি ২১ হাজাৰ টকা পোৱাটো যুক্তিসংগত। তেনে পটভূমিতে আজি বিক্ষোভকাৰীসকলে দাবী কৰে যে মাননিৰ সলনি মজুৰি আদায় দিয়ক, সকলো কৰ্মী আৰু সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক, অঙ্গনৱাড়ী কেন্দ্ৰৰ সকলো গৃহ উন্নত আন্তগাঁথনি সম্পন্নকৈ নিৰ্মাণ কৰি দিয়ক, মজুৰি দিব নোৱাৰালৈকে মাননিৰ ধন ১০ হাজাৰ টকা আদায় দিয়ক, নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক।


কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক অন্যতম সম্পাদক মদন তালুকদাৰ, উপসভাপতি বীৰেণ শৰ্মা, ভোলা শৰ্মা, কোষাধ্যক্ষ বিজন দাস, জিলা সভাপতি মুকুটমণি দাস, সম্পাদক আকবৰ আলী, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নেতা বদন ভূঞা, প্ৰতুল বৰ্মন উপস্থিত থাকে।

-প্ৰতুল বৰ্মন

Leave A Reply