Breaking

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত উপস্থিত আঙ্গুৰলতা ডেকা

0 69

বিলাসীপাৰাত দেওবাৰে উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ অসম প্ৰদেশ কমিটীৰ সভানেত্ৰী আঙ্গুৰলতা ডেকা৷


স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত হয় ৰাজ্যিক নেত্ৰী গৰাকী৷

বিজেপিৰ বিলাসীপাৰা জিলা মহিলা মৰ্চাই আয়োজন কৰা সভাত উপস্থিত থাকি ৰাজ্যিক নেত্ৰী আঙ্গুৰলতা ডেকাই প্ৰথমে নাম প্ৰসংগত অংশ গ্ৰহন কৰে৷

তাৰ পিছতে গোৱালপৰীয়া গীতৰ তালে তালে এপাক ককাল ঘূৰাই নাচিলেও সভানেত্ৰী গৰাকীয়ে৷ মুলত দলীয় সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে উপস্থিত হোৱা ৰাজ্যিক নেত্ৰী গৰাকীয়ে সময় সুযোগ পালে অভিনয় জগতলৈ পুনৰ উভতি যাব বুলিও কয়৷

Leave A Reply