Breaking

মাষ্টাৰ্ছ এথলেটিকত বৰঝাৰ বিমানবন্দৰৰ অণিমা সোণোৱালৰ চাৰিটা সোণৰ পদক লাভ

0 86

কলকাতাৰ ছল্টলেক স্টেডিয়ামত ১৫ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত সৰ্বভাৰতীয় মাষ্টাৰ্ছ এথলেটিকছ প্রতিযোগিতাত অসমৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়।

প্রায় চাৰি হেজাৰ খেলুৱৈয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈৰ সংখ্যা আছিল ৩৩৮ গৰাকী। অসমৰ খেলুৱৈয়ে ৬০ টা সোণ, ৫৮ টা ৰূপ আৰু ৪৯ টা ব্ৰঞ্জসহ মুঠ ১৬৭ টা পদক লাভ কৰে।

ইয়াৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ আবাসী তথা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া সন্দেশ্বৰ সোণোৱালৰ সহধৰ্মিনী , প্ৰবীণ ক্ৰীড়াবিদ অণিমা সোণোৱালে সৰ্বাধিক চাৰিটা সোণৰ পদক লাভ কৰি বিৰল গৌৰৱ কঢ়িয়াই আনিছে।

অণিমা সোণোৱালে হাই জাম্প, ত্রিপল জাম্প, পলভল্ট আৰু ৪ x ১০০ মিটাৰ ৰীলেত প্রথম স্থান দখল কৰি অভিলেখ ৰচনা কৰিছে।

ইতিমধ্যে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি পুনৰ অণিমা সোণোৱালে চাৰিটা পদক অৰ্জনৰে প্ৰাধিকৰণলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰি উজ্বল ক্ৰীড়া প্ৰতিভা যাতে অব্যাহত থাকে তাৰ কামনা কৰিছে।

Leave A Reply