Breaking

ডিমৌত বৈজ্ঞানিক পদ্ধতিত পশুপালন প্ৰশিক্ষণ…

0 34

ডিমৌত বৈজ্ঞানিক পদ্ধতিত পশুপালন প্ৰশিক্ষণ 

চিলাপথাৰৰ  ডিমৌ গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰে পৰা ১০ নবেম্বৰ লৈ পাঁচ দিনিয়াকৈ  বাল ৰক্ষা ভাৰত ( সেভ দ্যা চিলড্ৰেন )ৰ উদ্যোগত পশুপালন সকলক লৈ আৰম্ভ হৈছে প্ৰশিক্ষণ । উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ পশুপালন সকলে বৈজ্ঞানিক ভিত্তিত জীৱিকা নিৰ্বাহ, ডিজিটেল লিটাৰেছি , গবৰ্নেছ  আৰু বিত্তীয় অন্তৰ্ভুক্তি এই চাৰিটা বিভাগৰ ওপৰত বাল ( শিশু) ৰক্ষা ভাৰতে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছে।

ধেমাজি জিলাৰ চিচিবৰগাঁও ব্লক আৰু মূৰ্কংচেলেক এই দুখন উন্নয়ন খণ্ডৰ ভিতৰত ৩০ খন গ্ৰামাঞ্চলত প্ৰশিক্ষণ প্ৰদান কৰিছে বাল ৰক্ষা ভাৰতে ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণত ডিমৌ আৰু চিমেনমূখ দুয়োখন পঞ্চায়তৰ প্ৰায় ২৫ গৰাকী পশুপালকে অংশগ্ৰহণ কৰা  বুলি জানিবলৈ দিয়ে  বাল ৰক্ষা ভাতৰৰ কমিউনিটি মবিলাইজাৰ  বিষয়া ধৰ্মৰাজ কাৰকিয়ে । প্ৰশিক্ষণত প্ৰশিক্ষণৰূপে অকাজান পশু চিকিৎসা কেন্দ্ৰৰ বিষয়া  ড° শমিৰ বিকাশ গগৈ আৰু ডিমৌ গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি ধানেশ্বৰ বসুমতাৰী লগতে সেভ দ্যা চিলড্ৰেনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply