Breaking

অঞ্জন ডেকাক আৰোহন মানৱ সেৱা বটাঁ ২০২১ প্ৰদান

0 2,041

 পশ্চিম    নলবাৰী অঞ্চলৰ    বৰনৰ্দ্দী নিৱাসী যুৱ সমাজকৰ্মী তথা স্হানীয় দতকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকিৰী শিক্ষক অঞ্জন ডেকা(জিতু)ক অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে  আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ বৰনৰ্দ্দী পুজাখোলা নিৱাসী যুৱ সমাজকৰ্মী তথা শিক্ষক অঞ্জন ডেকা (জিতু)ই নিজৰ বিদ্যালয়ত শিক্ষাদান কৰি কাৰ্তব্য পালন কৰাৰ উপৰিও ক’ভিড অতিমাৰীৰ সময়ছোৱাত নিজা চুবুৰিৰ লগতে শিঈাদান কৰা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলৰ উপৰিও দতকুছিৰ আৰ্থিকভাৱে অতি দুৰ্বল সকলো পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছিল ৷ শিক্ষকতাৰ লগতে নিস্বাৰ্থভাৱে সমাজসেৱা কৰিযোৱা বাবে আৰোহণ আৰ্টিষ্ট গীল্ডে ডেকাক আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ কালি সুধাকণ্ঠ ড° ভূপেন হাজািকাৰ ৯৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতিৰাখি গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ন আৰোহণ বটাঁ ২০২১ বটাঁ প্ৰদান অনুষ্ঠানত অঞ্জন ডেকাক এই বটাঁ প্ৰদান কৰিছে ৷

Leave A Reply