Breaking

দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰক লৈ আন্না হাজাৰেৰ প্ৰতিক্ৰিয়াঃ ‘অৰবিন্দ কেজৰিৱালে মোৰ কথা নুশুনিলে’…

0 33

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আজি পিএমএলএ আদালতত হাজিৰ হোৱাৰ সময়ত ইডিয়ে অৰবিন্দ কেজৰিৱালক ৰিমাণ্ডৰ বাবেও অনুৰোধ কৰিব পাৰে, যাতে তেওঁক বিতংভাৱে জেৰা কৰিব পৰা যায়। ইফালে, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাত সমাজকৰ্মী আন্না হাজাৰেৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। আন্না হাজাৰে কয় যে অৰবিন্দ কেজৰিৱালে মোৰ লগতে সুৰাৰ বিৰোধিতা কৰৰিছিল তাকে লৈ শোক প্ৰকাশ কৰে আন্না হাজাৰে। কিন্তু এতিয়া তেওঁ নিজেই এই বিষয়ত এটা নীতি বনালে।

সমাজকৰ্মী আন্না হাজাৰে কয় যে মোৰ লগত কাম কৰা অৰবিন্দ কেজৰিৱালৰ দৰে এজন ব্যক্তিৰ জেললৈ যোৱাটো অতি দুখৰ কথা আৰু তেওঁ মদৰ বিষয়ে মাত মাতিছিল। আজি তেওঁ সুৰাৰ নীতি বনাইছে। এই কথাই মোক দুখী কৰি তুলিলে। কিন্তু কি কৰিব পাৰি? ক্ষমতাৰ সন্মুখত একো কৰিব নোৱাৰে। তেওঁৰ এই কাৰ্যৰ বাবেই গ্ৰেপ্তাৰ হৈছে। এইবোৰ নকৰাহেতেঁন গ্ৰেপ্তাৰ নহ’লহেঁতেন। গ্ৰেপ্তাৰৰ পিছত আইন অনুসৰি যি হ’ব লাগিব সেয়া হ’ব।

Leave A Reply