Breaking

চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ। কি কি আছে বাজেটত…

0 23

বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে পূৰ্ণাংগ বাজেট৷

আজি বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিন।


বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট৷


চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰীগৰাকীৰ৷


বাজেট দাখিলৰ ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে কয় ৮০ লাখ মানুহক দৰিদ্ৰতাৰ পৰা মুক্তি।
বাজেটত আছে-


অসমৰ বিকাশৰ যাত্ৰাত চৰকাৰৰ মূলমন্ত্ৰ আত্মনিৰ্ভৰ অসম।


৩৭,৭০০কোটি টকা ব্যয় সাপেক্ষে ১৮টা প্ৰকল্পৰ কাম চলি আছে ৰাজ্যত।


অৰুণোদয় আচঁনিখন এই মঞ্চৰ অধীনলৈ অনাৰ পাছত ১লাখ ৬৫হাজাৰ গৰাকী ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন হৈছে।


আনহাতে বিত্তীয় অনুদান হিচাপে ১০ লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগণি আগবঢ়োৱা হ’ব।


মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ঘোষণা৷ উপকৃত হ’ব শিক্ষাৰ্থী…

ঘোষণা হ’ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি।


১০ লাখ ছাত্রীয়ে নামভর্তিত লাভ কৰিব বিত্তীয় অনুদান।


HSৰ পৰা স্নানকোত্তৰ পৰ্যায়লৈ অধ্যায়নৰ বাবে এই ধন।


১০ হাজাৰ টকা পাব একাদশ শ্রেণীত নামভর্তি কৰা
ছাত্ৰীয়ে।


স্নাতক প্রথমবৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবদ পাব ১২,৫০০ টকা।


স্নানকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবদ পাব ১৫ হাজাৰ টকা।


বাজেটত এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধার্য কৰা হৈছে।


যিকোনো চৰকাৰী মহাবিদ্যালয় বা শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্রীসকলে এই সুবিধা লাভ কৰিব।


বিবাহপাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ’ব।


আনহাতে অৰ্থনৈতিক ক্ষেত্ৰত-


কুকুৰা-কণী উৎপাদকক উদগনিৰ বাবে ২৫ কোটি টকাৰ অনুদান।


২৫ কোটি টকাৰ ৰাজসাহায্য দুগ্ধ উৎপাদকলৈ ধাৰ্য কৰা।


আনহাতে অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যয় হ’ব ১২৫০ কোটি টকা।


চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ অনুদান।


২০২৩ বৰ্ষত দেশৰ অৰ্থনীতিয়ে মুঠ ঘৰুৱা উৎপাদন ৩.৭ ত্রিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিছে।


বৰ্তমানৰ বিকাশৰ হাৰেৰে দেশৰ অৰ্থনীতিয়ে ২০২৭ চনৰ ভিতৰত ৫ ত্রিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে।


অৱশ্যে World Economic Outlook (October, 2023) অনুসৰি গোলকীয় বিকাশৰ হাৰ ২০২৩ বৰ্ষৰ ৩ শতাংশৰ পৰা ২০২৪ বর্ষত ২.৯ শতাংশলৈ নিম্নগামী হোৱাৰ সম্ভাৱনা।


প্রক্ষেপিত প্রাক্কলন অনুসৰি ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চলিত মূল্যত ৬.৪৩ লাখ কোটি টকা হ’ব বুলি আশা কৰা হৈছে।


ই হৈছে ২০১৬-১৭ বৰ্ষৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২.৫৪ লাখ কোটি টকাৰ তুলনাত ১৫০ শতাংশতকৈ অধিক বৃদ্ধি।

Leave A Reply