Breaking

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা’ৰ বাৰ্ষিক সভা

0 32

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা’ৰ অন্তৰ্গত উত্তৰ-পূব যোৰহাট আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে কলিয়াপানীৰ টীপমিয়া গাঁও স্থিত কাৰ্যালয় গৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৮ বজাত সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ গগৈ দেৱে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা এই কাৰ্যক্ৰমণিকাৰ সাধাৰণ সভাত বিশেষভাৱে উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰাজেন বৰা,

সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈ, যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, কাৰ্যকৰী সভাপতি নাছিৰুদ্দিন আহমেদ, উপ-সভাপতি দিগন্ত প্ৰদীপ নেওগ, সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা, সহকাৰী সম্পাদক মন্টু বুঢ়াগোহাঁই ৰ লগতে তিনি শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সাধাৰণ সভাতে মেধাৱী ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰিয়ানুজ শইকীয়া আৰু সৃষ্টি সুমন বৰুৱাক বিশেষ ভাৱে অভিনন্দন জ্ঞাপন কৰা হয়।।

Leave A Reply