Breaking

নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পন্ন ……

0 29

তীৰ্থনগৰী হাজোত সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ ।সম্বনয়স্থলীৰ পৰা সমূহ দেশবাসীলৈ সম্বনয়ৰ বাৰ্তা প্ৰেৰণ শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনৰ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱানচাহস্থিত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে সোৱানচাহ আভা পুথিভঁৰাল ,নৱজাগৰণ শিল্পী আৰু ক্ৰীয়া সংঘৰ বাৰ্ষিক অধিৱেশন ও ৰঙালী বিহু সন্মিলন কাৰ্যসূচী সম্পণ্ণ কৰা হৈছে।সেই অনুসৰি পুৱাৰ ভাগত বিভিণ্ণ খেল -ধেমালী প্ৰতিযোগিতা,পতাকা উত্তোলন,প্ৰাচীৰ পত্ৰিকা উন্মোচন ,বৃক্ষৰোপন,বাৰেবৰণীয়া সাংস্কৃতি শোভাযাত্ৰা,গঞা ৰাইজৰ মিলন সমাৰোহ,শ্ৰদ্ধাঞ্জলী,বন্তি প্ৰজ্বলন,আৰু সন্ধিয়াৰ ভাগত স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন,আধুনিক নৃত্য প্ৰতিযোগিতা ইত্যাদি বিভিণ্ণ কাৰ্যসূচীৰে এক উখল -মাখল বাৰেৰহনীয়া সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হ’য়।


অৱশ্যে আজিৰ কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে বাৰেবৰনীয় সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধনৰে সমূহ অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় উৎসৱ বিহু পালনৰে সম্বনয়ৰ বাৰ্তা প্ৰেৰণ ৰে সমাজত শান্তি,শৃংখলা,ভাতৃত্ববোধৰ এক গঠনমূলক বাখ্যা আগবঢ়ায়।তদুপৰি আজিৰ কাৰ্যসূচীত আজিৰ কাৰ্যসূচীত বিশেষভাৱে আমন্ত্ৰিত অতিথি তথা বিশিষ্ট সমাজসেৱক ৰবিউল হুছেইনক এখনি ফুলাম গামোছা,ফুলাম জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে পুথিভঁৰাল ও সংঘৰ সভাপতি অচ্যুত বৈশ্যই।

Leave A Reply