Breaking

মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ গোচৰত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

0 86

মণিপুৰত জাতিগত হিংসাৰ মাজত মহিলাসকলক উলংগ কৰি পেৰাড কৰাৰ অভিযোগত অভিযুক্ত আন এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা জানিবলৈ দিয়ে।

 ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল হুইৰেম হেৰোডাছ মেইটেক।

উল্লেখ্য যে মণিপুৰৰ শিহৰণকাৰী ভিডিঅ পোহৰলৈ অহাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়, মহিলা আয়োগেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

যোৱা ৪ মে’ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক জঘন্য ঘটনা।

দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায় মহিলা।

এজাক মানৱৰূপী দানৱে দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰিছিল। তাৰ পাছতে কৰিছিল দলবদ্ধ ধৰ্ষণ।

বুধবাৰে এই ঘটনা পোহৰলৈ আহে। তাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্ত আৰু আন এজনক।

Leave A Reply