Breaking

দুধনৈ আৰক্ষীৰ আন এক বৃহৎ সফলতা :আটক ৫ জন বাইক চোৰ ৯ খন বাইক,১ খন স্কুটি, ১১ খন ভুৱা নম্বৰ প্লেট সহ বহু সামগ্ৰী জব্দ

0 1,523

দুধনৈ আৰক্ষী থানাত এতিয়া উদ্ধাৰ হোৱা চুৰি বাইকৰ উজান উঠিছে। জিলাখনৰ অ’ত ত’ত উদ্ধাৰ হৈছে বাইক৷ ৰাস্তাই ঘাটে চুৰি বাইক উদ্ধাৰ হব ধৰিছে৷ যোৱা ৫ জুনৰ নিশা ৰংজুলিৰ কাণকাটা অঞ্চলত আব্দুল বাৰিক নামৰ ভুৱা ডি টি অ এজনক বাইক চোৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে লেপটপ, প্ৰিন্টাৰ, ভুৱা পঞ্জীয়ন নম্বৰ প্লেট সহ দুধনৈ আৰক্ষীয়ে আটক কৰাৰ পিছত এইবাৰ আৰু পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় দুধনৈ আৰক্ষীয়ে। যোৱা নিশা গোপন সূত্ৰৰ পম খেদি দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত দুধনৈ আৰক্ষী আৰু ৰংজুলি আৰক্ষীৰ সহযোগত পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা বাইক চুৰি কাণ্ডৰ সৈতে জড়িত চোৰ কেইটা ক্ৰমে- মাটিয়া থানাৰ অন্তৰ্গত মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন, বামুনপাৰাৰ ৰাজিবুল ইছলাম (২৩), ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট কাণকাটাৰ আব্দুল বাৰিক, খেৰোপাৰাৰ নুৰ আলম ওৰফে ৰাহুল (২৮), কাণকাটাৰ সোমেৰ আলী ওৰফে তৰুণ (৩৬)। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই বাইক চোৰ কেইজনৰ পৰা যোৱা নিশা আৰু আজি ৮ খন বাইক, এখন বুলেট আৰু এখন স্কুটি জব্দ কৰাৰ উপৰি ১১ খন ভুৱা নম্বৰ প্লেট, বাইক মেৰামতিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে। ইপিনে আজি দিনৰ ভাগত লেলাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চুৰি বাইক এখন পৰিত্যক্ত অৱস্থাত পৰি থকাৰ খবৰ পাই আৰক্ষীয়ে দুধনৈ থানালৈ আনে। তিনি দিনত মুঠ ১০ খন বাইক, ২ খন বুলেট আৰু ১ খন স্কুটি জব্দ কৰে আৰক্ষীয়ে। আজি দুধনৈ থানাত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই বাইক চুৰি চক্ৰৰ সৈতে জড়িত ধৃত বাইক চোৰ কেইজনে অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বাইক চোৰৰ ৰেকেটৰ সৈতে জড়িত থকা বুলি জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ পৰা সমূলঞ্চে বাইক চোৰৰ ৰেকেট উৎখাত কৰা হব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। যিসকল লোকে চুৰি বাইক ক্ৰয় কৰিছে তেওঁলোকেও ৰেহাই নাপাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে বাইক চোৰৰ ৰেকেটৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰাখিছে।

Leave A Reply