Breaking

চেলিব্ৰেটিৰ কাণ্ড! প্ৰথম নিশা জেলত কিদৰে কটালে BIG BOSS চেম্পিয়ন এলভিছ যাদৱে…

0 36

এন ডি পি এছ এক্টৰ অভিযুক্ত এলভিছ যাদৱে জেলত থকা প্ৰথম নিশাটো অতি অস্থিৰতাৰে কটালে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ জেলত লঘু খাদ্য গ্ৰহণ কৰিলে। বিগ বছৰ খ্যাতি এলভিছ যাদৱ, নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট-১৯৮৫ অৰ্থাৎ এন ডি পি এছ এক্টৰ অধীনত অভিযুক্ত, বৰ্তমান আৰক্ষীৰ জিম্মাত। দেওবাৰে উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ আদালতে তেওঁক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আদালতৰ নিৰ্দেশৰ পিছত অভিযুক্তক গৌতম বুদ্ধ নগৰৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তথ্য অনুসৰি এলভিছ যাদৱ বৰ্তমান গ্ৰেটাৰ নয়ডা জেলত ভৰ্তি হৈ আছে। সম্প্ৰতি এলভিছ যাদৱক কোৱাৰেণ্টাইন বেৰেকত ৰখা হৈছে। সূত্ৰই দাবী কৰিছে যে অতি সোনকালে তেওঁক উচ্চ নিৰাপত্তাৰক্ষী বেৰেকলৈ স্থানান্তৰ কৰা হ’ব। দেওবাৰে নিশা এলভিছে জেলৰ লঘু আহাৰ গ্ৰহণ কৰিছিল। সূত্ৰই জনোৱা মতে, এলভিচ যাদৱে গোটেই ৰাতিটো অস্থিৰতাৰে কটাই জেলত।

দেওবাৰে নয়ডা আৰক্ষীয়ে চাৰি মাহ পূৰ্বে পাৰ্টিত মদ্যপানৰ বাবে সাপৰ বিষ ব্যৱহাৰ কৰাৰ সন্দেহত ইউটিউবাৰ এলভিছ যাদৱক গ্ৰেপ্তাৰ কৰিছিল। বিষয়াসকলে এই তথ্য প্ৰদান কৰে। পিছত যাদৱক সুৰজপুৰৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু সেই আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। যোৱা বছৰৰ ৩ নৱেম্বৰত ইয়াৰ ছেক্টৰ-৪৯ থানাত দাখিল কৰা এফআইআৰত নাম উল্লেখ কৰা ছয়জন অভিযুক্তৰ ভিতৰত ২৬ বছৰীয়া যাদৱ অন্যতম। বিষয়াসকলে জনোৱা মতে, আন পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যদিও বৰ্তমান জামিনত বাহিৰত আছে।

Leave A Reply