Breaking

দৰঙৰ ধুলাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ! ধূলা আৰক্ষী থানাৰ OC সহ টকা লেন দেনৰ মধ্যস্থতাকাৰী মুক্তাৰ হুছেইনক গ্ৰেপ্তাৰ…

0 74

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দৰঙৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সন্দিকৈ । জানিব পৰা মতে ৫০০০ টকা উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ।
আনহাতে আৰক্ষীক ঘোচ দিয়া মুক্তাৰ হুছেইনক আটক কৰে ।

জানিব পৰা মতে ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰ পাৰাস্থিত RAAB মাইক্ৰ ফাইনেন্সৰ স্বত্বাধীকাৰী ৰফিক আলীসহ তেওঁৰ খুৰাক হাদী আলমক ধুলা আৰক্ষীয়ে পূৰ্বতেই আটক কৰি বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল।

দাবী কৰা ধনৰ আধা অংশ আদায় দি থানাৰ পৰা ওলাই যায় ৰফিক আলী সহ হাদী আলমে। পিচত বাকী থকা ধনৰ বাবে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বাৰংবাৰ ফোন কৰাত দুৰ্নীতি নিবাৰণ শাখাৰ ওচৰ চাপে ৰফিক আলীয়ে ।সেই বাকী থকা ধন (ঘোচ) আজি মুকতাৰ হুছেইন নামৰ দালাল জনৰ মধ্যস্থতাকাৰীত লোৱাৰ সময়তে দুয়োজনকে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ।

Leave A Reply