Breaking

ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল দিল্লীত : সকলো বজাৰ মুকলিৰ অনুমতি

0 1,522

দেশত প্রাণঘাতী ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে৷ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত বিগত ২৪ ঘণ্টাত আক্রান্ত হয় ৮০,৮৩৪গৰাকী লোক৷ ইফালে, কেন্দ্রীয় আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৩,৩০৩গৰাকী লোকে৷ অৱশ্যে দেশজুৰি ক’ভিড মহামাৰীত সংক্রমণৰ হাৰ একেৰাহে ষষ্ঠ দিনৰ বাবে ৫ শতাংশৰ তলত আছে৷ বিগত ২৪ ঘণ্টাত দেশত পজিটিভিটী ৰেট আছিল ৪.২৫ শতাংশ৷ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ আছে যদিও মুখ্যমন্ত্রী অৰবিন্দ কেজৱালে আজিৰে পৰা ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয়শাসিত ৰাজ্যখনত৷ কেজৰিৱালে  ঘোষণা কৰিছে যে কোনোধৰণৰ যুগ্ম–যুগ্ম নম্বৰ অবিহনেই আজিৰে পৰা সকলো বজাৰ পুনৰ মুকলি কৰা হ’ব দিল্লীত৷ ৫০ শতাংশ আসনৰ সুবিধাৰে ৰেষ্টুৰেণ্টবোৰ খোলাৰ অনুমতি প্রদান কৰিছে কেজৰিৱালে৷

অর্থাৎ ক’ভিড–১৯ মহামাৰী প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ পাছত দিল্লীৰ ৰেষ্টুৰেণ্টসমূহত ৫০ শতাংশ গ্রাহকহে উপস্থিত থাকিব পাৰিব৷ অকল সেয়াই নহয়, এসপ্তাহৰ বাবে এই আনলক প্রক্রিয়া দিল্লীত অব্যাহত ৰাখিব চৰকাৰে৷ ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিলৰ পাছত এসপ্তাহৰ ভিতৰত যদি সংক্রমণৰ হাৰ বৃদ্ধি নাপায়, তেন্তে এই আনলক প্রক্রিয়া ধাৰাবাহিকভাৱে প্রয়োগ কৰা হ’ব দিল্লীত৷ কেজিৱালে এখন সংবাদ মেলত ঘোষণা কৰা অনুসৰি যদি সপ্তাহটোৰ ভিতৰত সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পায়, তেন্তে পুনৰ কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰা হ’ব৷

ইফালে, দেশত ভেকচিনক লৈ চলি থকা চৰম নাটনিৰ মাজতে দিল্লীৰ ইন্দ্রপ্রস্থ হাস্পতালে ১৫ জুনৰ পৰা ৰাছিয়াত প্রস্তুত কৰা স্পুটনিক ভি ভেকচিন জনসাধাৰণক প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷ দিল্লীৰ এপল’ হাস্পতালৰ উপৰি হায়দৰাবাদৰ কণ্টিনেণ্টেল হাস্পতালতো আগন্তুক ১৫ জুলাইৰ পৰা স্পুটনিক ভি ভেকচিন প্রদান কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা অনুসৰি মাত্র এটা ড’জ প্রদান কৰিবলগীয়া এই ভেকচিনৰ প্রতিটোৰ মূল্য হ’ব ১,১৪৫ টকা৷ স্মর্তব্য যে ৰাছিয়াই স্পুটনিক ভি ভেকচিন ৯৪.৩ শতাংশ ফলপ্রসূ বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

Leave A Reply