গোৱালপাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ ২০ টা কন্টেইনাৰ, স্কুটি, লগতে দুজনক গ্ৰেপ্তাৰ

মানৱ জীৱন ধ্বংস কৰা বিষাক্ত দ্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান৷ গোৱালপাৰা জিলাৰ গোৱালপাৰা নগৰ আৰক্ষীৰ অভিযানত আজি আটক কৰিবলৈ সক্ষম হয় দুজনকৈ অসাধু দ্ৰাগছ সৰবৰাহকাৰী৷ লগতে ২০টা ড্ৰাগছ দ্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ এখন স্কুটীৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়িক। প্ৰাপ্ত তথ্য অনুসৰি এখন স্কুটীত ড্ৰাগছৰ সমুহ বিক্ৰীৰ বাবে লৈ গৈ থকা অৱস্থাত গোৱালপাৰা নগৰ আৰক্ষী বিষয়া নিপুমণি চৌধুৰীযৰ নেতৃত্বতত আৰক্ষীৰ দল এটাই গোপন খবৰৰ ভিত্তিত তালাচী চলায়৷

তালাচীৰ সময়ত স্কুটীৰ ছিটৰ তলত উদ্ধাৰ কৰে ২০ টাকৈ দ্ৰাগচ ভৰ্ত্তী কন্টেইনাৰ আৰু লগে লগে আটক কৰে হাচেন আলী আৰু ৰহম আলী নামৰ দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ি দুজনক। আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে সচেতন মহলে।

Related Articles