Breaking

পুৰণিগুদাম আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান : অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদ মেল

0 1,056

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত যোৱা নিশা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে এক ব্যাপক অভিযান চলায় । বিশেষকৈ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হায়াংথলত গোপন সুত্ৰৰ পম খেদি চলোৱা এক অভিযানত মহিলা সহ তিনিজন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নিৰ্দেশত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে  হায়াংথলৰ পৰা সৰবৰাহকাৰী অতুল কোৱৰ, ঋতু বৰা আৰু প্ৰতিমা বৰাক আটক কৰে । আনহাতে নিশাৰ ভাগলৈ পুৰণিগুদাম আৰক্ষী চকীত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সম্বোধন কৰা এক সংবাদ মেলত অভিযানত ৪৬০৮টা নিচাযুক্ত কেপচুল আৰু ৭০০টা নিচাযুক্ত চিৰাপৰ বটল জব্দ হয় বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল খনতেই এই চক্ৰটোৰ লগত আৰু বহু লোক জড়িত আছে বুলি মন্তব্য কৰাৰ লগতে এই অঞ্চলটো নাগালেণ্ডৰ সীমামূৰীয়া হোৱা বাবে ইয়াত অধিক ড্ৰাগছৰ ঘাটি থকাৰ কথা আমি উমান পাইছো আৰু আমাৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি কয় । উল্লেখ্য যে উক্ত চক্ৰটোৱে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ চলাই আহিছিল ।

Leave A Reply