Breaking

গোসাঁইগাঁৱৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ধঁপাত বিৰোধী দিৱস পালন

0 114

গোসাইগাঁও মহকুমাৰ হাছৰাঁওবাৰীস্হিত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক ,শিক্ষয়ত্ৰী,ছাত্ৰ -ছাত্ৰীয়ে আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰে ৷

তদুপলক্ষে ছাত্ৰ -ছাত্ৰী সকলে স্কুলৰ পৰা এখন ছাইকেল সমদল উলিয়াই হাতে হাতে ধোঁপাত বিৰোধী ফেষ্টুন প্লেকাৰ্ড প্ৰদৰ্শন কৰি তাম্বাকু হাটাও ,জিন্দিগী বাচাও ,ধঁপাত বৰ্জন কৰক , ধঁপাত সেৱন বন্ধ কৰক আদি শ্লোগানেৰে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস চলায় ৷লগতে ধঁপাত সেৱনে মানৱ জীৱনৰ ক্ষতিকাৰক দিশ সমূহৰ দৃষ্টিপাত কৰাই সজাগতা অনাৰ বাবে ছাত্ৰ -ছাত্ৰী সকলে প্ৰচেষ্টা চলায় ৷

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উলিওৱা ছাইকেল ৰেলী কৰি মহকুমাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি গোসাইগাঁও মহকুমাধিপতিৰ কৰ্যালয়ৰ সন্মুখত উপস্হিত হৈ ধঁপাত বিৰোধী শ্লোগানৰে খোজ কাঢ়ি সমদল কৰে ৷

Leave A Reply