Breaking

পত্নী অনুষ্কাৰ টুইট দেখি হাঁহি উঠিল বিৰাট কোহলীৰ। জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰি আপলোড কৰিলে জমনি ফটো।

0 95

অনুষ্কা শৰ্মাই তেওঁৰ স্বামী তথা জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলী জন্মদিনত পূৰ্বতে নেদেখা তেওঁৰ বহু ছবি শ্বেয়াৰ কৰি শুভেচ্ছা জনাইছে। স্বামীৰ বাবে লিখিছে প্ৰণয় বাৰ্তা। বিৰাটৰ ধেমেলীয়া আৰু গুফী ষ্টাইল এই ছবিবোৰত দেখা গৈছে। কেৱল এয়াই নহয়, কন্যা বামিকাৰ এখন ছবিও শ্বেয়াৰ কৰিছে। কন্যা বামিকাক খুৱাই থকা দেখা গৈছে বিৰাটে। অনুষ্কাই নিজৰ পোষ্টটোত নিজৰ মৰম প্ৰকাশ কৰি বিৰাটৰ জন্মদিনৰ শুভেচ্ছা জনাইছে আৰু বিৰাটৰ এই ধেমেলীয়া ৰূপবোৰ দেখুৱাবলৈ চেষ্টা কৰিছে।

অনুষ্কা শৰ্মাই তেওঁৰ পোষ্টত লিখিছে, “আজি তোমাৰ জন্মদিন মোৰ প্ৰেমাস্পদ.. গতিকে স্পষ্টভাৱে এই পোষ্টটোৰ বাবে মই তোমাৰ ভাল ধেমেলীয়া ছবি বাছি লৈছো… প্ৰতিটক ৰূপ আৰু পৰিস্থিতিত তোমাকেই ভাল পাওঁ। ” অনুষ্কাই পোষ্টটোৰ কেপচনত কেইবাটাও ৰেড হাৰ্ট ইমোজিও সন্নিবিষ্ট কৰিছে। অনুষ্কাৰ এই পোষ্টটোক লৈ ক্ৰিকেট আৰু বলীউডৰ চেলিব্ৰিটিসকলে ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিৰাট কোহলীৰো হাস্যপূৰ্ণ প্ৰতিক্ৰিয়া
অনুষ্কা শৰ্মাৰ এই পোষ্টটোত খোদ বিৰাট কোহলীয়েও হাঁহি আৰু ৰঙা হাৰ্টৰ ইমোজিৰে মন্তব্য কৰিছে। ৰঙা হাৰ্ট আৰু হাঁহি থকা ইমোজিৰে মন্তব্য অভিনেত্ৰী ৰাধিকা আপ্তে। ক্ৰিকেটাৰ এ ভি ডি ভিলিয়াৰ্ছে হাঁহিৰ ইমোজিৰে লিখিছে ‘সেই মুখখন’। কমেডিয়ান ডেনিছ ছাইটেও কমেণ্টত লিখিছে ‘হাহাহাহা!’।


বিৰাট কোহলীৰ ধেমেলীয়া ৰূপ
অনুষ্কা শৰ্মাৰ এই ছবিবোৰে সঁচাকৈয়ে বিৰাটৰ এক সম্পূৰ্ণ বেলেগ ৰূপ দেখুৱাইছে। এই ছবিবোৰত দেখা গৈছে বিৰাটৰ সম্পূৰ্ণ বেলেগ ষ্টাইল। ক্ৰিকেট খেলপথাৰৰ পৰা ছ’চিয়েল মিডিয়ালৈকে তেওঁক কেতিয়াও এই শৈলীত দেখা পোৱা নাই। উল্লেখযোগ্য যে, বিৰাট বৰ্তমান অষ্ট্ৰেলিয়াত আছে। তেওঁ টি-২০ ক্ৰিকেট বিশ্বকাপ খেলি আছে। বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয়।

Leave A Reply