Breaking

গেলা-পচা কাঠসমূহত গজা যিকোনো কাঠফুলা বিষাক্ত…

0 49

গেলা-পচা কাঠসমূহত গজা যিকোনো কাঠফুলা বিষাক্ত

  • যিবিলাক কাঠফুলাৰ গা-গছ সহজে ভাগি নাযায়, সেইবিলাক বিষাক্ত বুলি নিশ্চিন্ত হ’ব লাগে।
  • খাব পৰা কাঠফুলাসমূহ সাধাৰণতে ৰ’দঘাই ঠাইত নাইবা মুকলি ঠাইত নগজে। যদিহে মুকলি বা ৰ’দ ঘাই ঠাইত গজা দেখা যায়, তেন্তে নিঃসন্দেহে তাক বিষাক্ত কাঠফুলা বুলি গণ্য কৰিব পাৰি।
  • উৎকট গোন্ধযুক্ত নাইবা তীক্ষ্ণ সোৱাদযুক্ত যিকোনো কাঠফুলাই বিষাক্ত।
  • যিবোৰ কাঠফুলাৰ গা-গছত আঙুঠি সদৃশ নাইবা কাপসদৃশ চিহ্ন থাকে সেইবোৰ বিষাক্ত কাঠফুলা বুলি জানিব লাগে।
  • যিবোৰ কাঠফুলাৰ পাতল ৰং থাকে নাইবা গুলপীয়া যিকোনো চিহ্ন থাকে সেইবোৰো অধিক বিষাক্ত।

প্রায়ে দেখা যায় যে বিভিন্ন জনগোষ্ঠীয় লোক বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু মুখত পৰে। তেওঁলোকে মাথোঁ লক্ষ্য কৰে যে সহজে কাঠফুলাবোৰ ভাগিছে নে নতুবা কিবা উৎকট গোন্ধ আছে নেকি? কিন্তু এই দুটা লক্ষণ নাথাকিলেও কাঠফুলাজোপা যে বিষাক্ত হ’ব পাৰে তেওঁলোকে এই কথা বুজিব নোৱাৰে। গতিকে সমাজত এটা বিজ্ঞানসন্মত মানসিকতাৰ নিশ্চয়কৈ প্রয়োজন আছে যাতে পুষ্টিৰ বিকল্প হিচাপে আমাৰ জনসাধাৰণে কাঠফুলাৰ নিচিনা এটা প্রকৃতিৰ দান গ্রহণ কৰিব পাৰে।

মিছা ভয় ভাব আঁতৰাই সজ্ঞানেৰে এই মহৌষধ যাতে গ্রহণ কৰিব পাৰে। এই কথাত মন দিব লাগিব সকলোৱে। আমি মনত ৰখা উচিত যে এই খেতিৰ বাবে কোনো ডাঙৰ খেতি পথাৰৰো প্রয়োজন নাই। নাই প্রয়োজন শকত পুঁজিৰো। ন্যূনতম ১০০ টকা খৰচ কৰিলেও ৫০০ টকা মান লাভ পাব পাৰি। গতিকে এনে অমূল্য খাদ্যবিধক দলিয়াই দিব পাৰি জানো ? আহক, আমি সকলোৱেই বিজ্ঞানসন্মতভাৱে কাঠফুলাক আদৰি এখন পুষ্টিকৰ সমাজ গঢ়াত আগভাগ লওঁ।

লেখক: ভৃগুপতি হাজৰিকা

Leave A Reply