Breaking

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভূমিকা…

0 6

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভুমিকা পালন কৰাৰো তথ্য পোৱা যায়। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই ফলদায়ক ভুমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকাৰী হোৱাৰ হেতুকে মধুমেহ ৰোগত ভোগা লোকৰ বাবে গাজৰ উপকাৰী বুলি কোৱা হৈছে।

অসমৰ ভেষক শাস্ত্ৰী বৈকুণ্ঠ নাথ দেৱশৰ্মাৰ মতে কেঁচুমুৰীয়াত ইয়াৰ ৰস এপোৱা ছাগলী অথবা গৰু গাখীৰৰ দৈৰ লগত দিনে দুবাৰকৈ খালে আৰু তিৰোতাৰ ৰক্তস্ৰাৱৰ সময়ত ইয়াৰ ৰস ১২০ গ্ৰামকৈ দিনে ৩-৪ বাৰ খালে উভয় ৰোগৰে উপশম হয়। ইয়াৰ যে ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি থাকে সেই সন্দৰ্ভত মনোৰম বৰ্ণনা পোৱা যায় চিকিৎসক Dr. D.R. Gala, Dr. S Gala  আৰু Dr. D Gala প্ৰণীত Juice diet for perfect health শীৰ্ষক গ্ৰন্থত। তাত হিষ্টিৰিয়াত ভোগা এটি শিশু আৰু লিউকেমিয়াৰ কৱলত পৰি মৃত্যুমুখী শিশুক গাজৰৰ ৰস খুৱাই কেনেকৈ আৰোগ্য কৰা হৈছিল তাৰ সৰস বৰ্ণনা পোৱা যায়। ইয়াৰ প্ৰথমটো ৰোগত পৰা শিশু এটিৰ কাহিনী সন্নিৱিষ্ট হৈছে। জন্মৰ সময়ত সম্পুৰ্ণ সুস্থ থকা শিশু এটিয়ে ১৪ মাহ বয়সত হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে।

প্ৰথমে শিশুটি ৰোগৰ বাবে ৮ ঘণ্টা ধৰি অচেতন অৱস্থাত থকাৰ হেতুকে হাস্পতালত ভৰ্তি কৰাই চিকিৎসকে তাৰ কৰঙনত বেজীৰে ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল। তাৰ ফলত হিষ্টিৰিয়া ৰোগ কিছু ভাল হোৱা দেখা গৈছিল যদিও কিন্তু তিনি দিনলৈ শিশুটি অচেতন হৈয়ে পৰি ৰৈছিল। লাহে লাহে ৰোগী কিছু আৰোগ্যৰ পথত আগবঢ়া যেন লগা দেখাত চিকিৎসকে তাক ঘৰলৈ নিয়াৰ  উপদেশ দিয়ে আৰু লগতে তাক পুষ্টিকাৰক খাদ্য খুৱাবলৈও উপদেশ দিয়ে। কিন্তু কি আচৰিত, তাৰ দুদিনৰ পিছত পুনৰ পুৰ্বৰ অৱস্থাপ্ৰাপ্ত হৈ অতি সংকট ৰুপ ধাৰণ কৰে। তাৰ তেনে অৱস্থাই মাক-বাপেককো হতবাক কৰি তোলে আৰু নিৰুপায়ত পৰি ১২৭ জন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। কিন্তু একো ফল নধৰিল। ৰোগীৰ ৰোগৰ প্ৰকৃত কাৰণেই নিৰ্ণীত নহ’ল। কেৱল অৱস্থাৰ সামান্য উন্নতি ঘটিল। তাৰ দুবছৰ বয়সত এজন চিকিৎসকে ব্যক্ত কৰিলে যে শিশুটো আন্ত্ৰিক প্ৰদাহত আক্ৰান্ত হৈছে।

সেই সময়ত সি অসহ্যকৰ পেটৰ বিষত ছটফটাব ধৰে, খাদ্য খোৱাৰ মন নকৰে, জোৰেৰে খোৱা খাদ্য হজম নহয় আৰু তাতকৈ ডাঙৰ কথা, তাৰ পায়খানাত শাওঁ আৰু তেজ পৰাও আৰম্ভ হয়। দুখৰ বিষয়, সেই সময়ত চিকিৎসকে অক্ষমতা প্ৰদৰ্শনেৰে হাত দাঙিব ধৰে। তেনে হোৱা দেখি তাৰ মাক-দেউতাক অতি বিমোৰত পৰে। তেতিয়া তেওঁলোকৰ কোনোবা হিতাকাংক্ষী এজনে প্ৰাকৃতিক চিকিৎসকৰ কাষ চপাব পৰামৰ্শ আগবঢ়ালে। আৰু মাক-দেউতাকেও সেই অনুসাৰে দুজন প্ৰাকৃতিক চিকিৎসকৰ দ্বাৰা ল’ৰাটিৰ চিকিৎসা কৰোৱাব ধৰে। আশ্চৰ্যকৰ বিষয়, চিকিৎসকদ্বয়ে চিকিৎসাৰ নামত অন্য খাদ্যৰ উপৰি প্ৰধানকৈ গাজৰৰ ৰস খুওৱাৰ ব্যৱস্থা কৰিলে। ফলশ্ৰুতিত লাহে লাহে ৰোগে বিদায় ল’বলৈ ধৰিলে আৰু গাজৰৰ কৃপাত এদিন ল’ৰাটি সম্পুৰ্ণভাৱে ৰোগমুক্ত হৈ উঠিল। তেতিয়া  কেৱল পুৰ্বৰ ৰোগ দুৰ হোৱাই নহয়, তাৰ ২২ বছৰ বয়সত দেউতাকে গৰ্বেৰে ক’ব পৰা হ’ল-‘আগৰ বেমাৰৰ কথাতো বাদেই, তাইৰ এতিয়া জ্বৰ-কাহ আদিও নোহোৱা হৈ পৰিল।

Leave A Reply