Breaking

এপেক্স গ্রুপ অৱ কোম্পানীৰ ৰূপালী জয়ন্তী দিৱস উদযাপন…

0 137

১৯৯৭ চনৰ ৭ আগষ্টত গুৱাহাটীৰ বৰাগাঁৱত স্থাপন হোৱা এপেক্স গ্রুপ অব কোম্পানীয়ে কাইলৈ প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ মনস্থ কৰিছে।ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ মৰাপাট উদ্যোগটোৱে মৰাপাটৰ বেগবোৰ ক্ৰমে স্পিনিং, বয়ন, চিলাই আৰু ৰঙৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। যাৰ ফলত এই প্রতিষ্ঠানটোত উৎপাদিত মৰাপাটৰ বেগসমূহৰ গুণগত মানদণ্ড যথেষ্ট উন্নত। তাৰোপৰি সময়মতে উৎপাদিত সামগ্রীসমূহ বিতৰ্কৰ মাজত যোগান ধৰিও এই উদ্যোগটোৱে আন এক খ্যাতি অর্জন কৰিছে।

B-Twill Hydro Carbon মুক্ত মৰাপাটৰ বেগ উৎপাদন কৰি থকা এপেক্স গ্রুপ অব কোম্পানীৰ অধীনস্থ কোম্পানী তিনিটা ক্রমে হ’ল এপেক্স য়ার্ণ প্রাইভেট লিমিটেড, অশোকা উইভিং প্রাইভেট লিমিটেড আৰু আটলান্টা মডুলাৰ প্রাইভেট লিমিটেড। এপেক্স য়ার্ণ প্রাইভেট লিমিটেডে প্ৰথমতে মৰাপাটৰ কেচাপাতবোৰক সূক্ষ্ম সূতালৈ পৰিৱৰ্তন কৰে। দ্বিতীয়তে, অশোকা উইভিং লিমিটেডে এই সূতাৰ পৰা B-Twill Hydro Carbon মুক্ত মৰাপাটখিনি বৈ উলিয়ায়। তৃতীয়তে, আটলান্টা মডুলাৰ প্ৰাইভেট লিমিটেডে বেগবোৰ চিলাই কৰি ৰং কৰি বজাৰৰ বাবে সাজু কৰে।

এই প্ৰকল্পটো সমগ্ৰ উত্তৰ-পূৱ ভাৰতত একমাত্ৰ জৈৱিক মৰাপাট উদ্যোগ হিচাপে পৰিগণিত হৈছে যিয়ে অসমৰ প্ৰায় ৫ হাজাৰ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিযুক্তি প্ৰদান কৰাৰ লগতে স্থানীয় মৰাপাট খেতিয়ক আৰু আনুসাঙ্গিক গোটসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

এই তিনিওটা কোম্পানীৰ প্ৰাৰম্ভিক উৎপাদন ক্ষমতা আছিল দৈনিক ৫ টন আৰু বৰ্তমানে ইয়াৰ লগত উঃ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মান্দাকাটা স্থিত ডি. জে. এগ্র’ ইণ্ডাস্ট্রিয়েল প্রজেক্ট প্রাইভেট লিমিটেডৰ লগত হোৱাৰ বাবে দৈনিক উৎপাদন ক্ষমতা হৈছেগৈ প্ৰায় ১০০ টন।এই প্ৰতিষ্ঠানটোৱে মান্দাকাটাতো এই ৰূপালী জয়ন্তী উৎসৱ পালন কৰিব বুলি জানিবলৈ দিছে।


২০২০ চনত পৃষ্ঠপোষক শ্ৰী দীপজ্যোতি মহন্ত আৰু শ্ৰীমতী মিলি মহন্তই দীপজ্যোতি আৰু মিলি মহস্ত ফাউণ্ডেচন নামেৰে জনাজাত এটা দাতব্য প্রতিষ্ঠানো আৰম্ভ কৰিছিল যাৰ উদ্দেশ্য হৈছে গ্ৰাম্য, অনুন্নত অঞ্চলত কেন্দ্ৰীভূত বিভিন্ন জনহিতকৰ কাৰ্যকলাপৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ লক্ষ্য ৰাখে, যাতে তাত থকা লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত হয়।

Leave A Reply