অসম প্ৰিমিয়াৰ লীগৰ বাবে কোন দলে কোন খেলুৱৈক ক্ৰয় কৰিলে

অসম ক্ৰিকেটৰ এটা নতুন অধ্যায়।

অহা ১আগষ্টৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ।

অসম প্ৰিমিয়াৰ লীগৰ বাবে কোন খেলুৱৈ কিমান টকাত বিক্রী-

মার্কি খেলুৱৈৰ তালিকাৰ শীৰ্ষত বিক্ৰী হ’ল ডেনিছ দাস। ১২.৬০ লাখত বৰপেটা ব্ৰেভছে ক্ৰয় কৰিলে ডেনিছক। দ্বিতীয় স্থানত সুমিত ঘাদীগাৱকাৰ। ১২.২০ লাখত চৰাইদেউ ছানৰাইজাছে ক্ৰয় কৰিলে সুমিতক। তৃতীয় স্থানত শিৱশংকৰ ৰয়। ১২লাখত বৰাক লেজেণ্ডছে ক্ৰয় কৰিলে শিৱশংকৰক। চতুর্থ স্থানত আয়ুষ্মান মালাকাৰ ১১.৮০লাখত তেজপুৰ টাইটানছে ক্ৰয় কৰিলে আয়ুষ্মানক। পঞ্চম স্থানত স্বৰূপম পুৰকায়স্থক। ১১.৮০ লাখত যোৰহাট ষ্টেলিয়নছে ক্ৰয় কৰিলে স্বৰূপমক।

অভিনৱ চৌধুৰীকো ৭লাখ টকাৰ বিনিময়ত ক্রয় তেজপুৰ টাইটানছৰ। ৰুহিনন্দন পেগুক ২.৮০ লাখত ক্রয় কৰিলে নগাঁও ৰেঞ্জাৰ্ছে। ৫.৪০ লাখক ৰোহিত সেনক ক্ৰয় কৰিলে গুৱাহাটী ৰয়েলছে। সৌৰভ দিহিঙিয়াক ৭.৮০ লাখত ক্রয় কৰিলে বৰপেটা ব্রেভছে। মৃন্ময় দত্তক ৭লাখত ক্ৰয় কৰিলে গুৱাহাটী ৰয়েলছে।

ৰাহুল সিঙক ৩.২০ লাখত ক্ৰয় কৰিলে নগাঁও ৰেঞ্জাৰ্ছে। মুক্তাৰ হুছেইনক ৩.২০লাখত ক্ৰয় গুৱাহাটী ৰয়েলছৰ। চাহিল জৈনক ৭.২০ লাখত ক্ৰয় কৰিলে ডিব্ৰুগড় ৱাৰিয়ছে।

Related Articles