Breaking

ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…

0 19

ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন
পুনৰ ৰাহুলকলৈ বিতৰ্ক। ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়! তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। এই দাবী জনাই নিৰ্বাচন আয়োগৰ কাষ চাপিছে অনিৰুদ্ধ প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে। অভিযোগকাৰী লোকজনে দাবী কৰিছে যে ৰাহুল কেৱল এজন বিদেশী নাগৰিকেই নহয় , তেওঁ মোদী উপাধিৰ গোচৰতো দণ্ডিত হৈছে। সেয়েহে আইনীভাৱে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই।

অনিৰুদ্ধ প্ৰতাপ সিঙৰ অধিবক্তা অশোক পাণ্ডেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে কয় “ৰাহুল গান্ধী ভাৰতৰ নাগৰিক নহয়। ২০০৬ চনত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁ এজন ব্ৰিটিছ নাগৰিক। এজন ব্ৰিটিছ নাগৰিকে ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

কেৱল এয়াই নহয়, অধিবক্তাজনে দাবী কৰে যে ৰাহুল গান্ধীক এটা অপৰাধমূলক গোচৰত দুবছৰৰ শাস্তি বিহা হৈছে। মোদী উপাধি মানহানিৰ গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। যদিও উচ্চতম ন্যায়ালয়ে শাস্তি স্থগিত ৰাখিছে, ন্যায়ালয়ে ক’তো কোৱা নাছিল যে ৰাহুলে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সেয়েহে তেওঁৰ মনোনয়ন বাতিল কৰিব লাগে। অনিৰুদ্ধ প্ৰতাপ সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অশোক পাণ্ডেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰায়বৰেলী জিলা দণ্ডাধীশৰ ওচৰত অভিযোগ কৰিছে।

Leave A Reply