Breaking

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ APTC জোৱান সকলে স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ উদ্দেশেৰে এক সজাগতা মূলক শোভাযাত্ৰা কাৰ্য্যসূচী অনুষ্ঠিত কৰে

0 1,683

আজি দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ APTC জোৱান সকলে স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ মতে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ উদ্দেশেৰে এক সজাগতা মূলক শোভাযাত্ৰা কাৰ্য্যসূচী অনুষ্ঠিত কৰে। APTCৰ অধিনায়ক চৈয়দ চামাদ হুছেইন এই শোভাযাত্ৰাৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে।

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদৰ পৰা দেৰগাঁও নগৰ হৈ প্ৰায় ১২কিমি পথ এই শোভাযাত্ৰা অতিক্ৰম কৰে। এই শোভাযাত্ৰাত বিশেষ ভাবে নতুনকৈ আৰক্ষীত অন্তভুক্ত হোৱা জোৱান সকলে এই কাৰ্যসূচীত বিশেষভাবে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ মুখ্য উদ্দেশ্য হৈছে ৰাইজক সজাগ কৰাৰ লগতে ৭৫বছৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱত সকলোৱে যাতে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰে৷

Leave A Reply