Breaking

শ্বুটিংৰ সময়ত দুৰ্ঘটনা পতিত এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন…

0 76

শেহতীয়াকৈ চেটত এটা গীতৰ শ্বুটিংৰ সময়ত দুৰ্ঘটনা পতিত হয় এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন। দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱা এ আৰ ৰহমানৰ পুত্ৰ এ আৰ আমিন চেটত থকা নিৰাপত্তাৰ মানদণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে।এ আৰ ৰহমানে এক বিবৃতি জাৰি কৰি কয় যে, “কিছুদিন পূৰ্বে মোৰ পুত্ৰ এ আৰ আমিন আৰু তেওঁৰ ষ্টাইলিং টিম এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। ভগৱানৰ কৃপাত ফিল্ম চিটিৰ কোনো লোক আহত হোৱা নাছিল এই দুৰ্ঘটনাটোত।

ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামৰ এটা দীঘলীয়া কেপচনত তেওঁ প্ৰকাশ কৰিছিল যে গীতটোৰ শ্বুটিঙৰ সময়ত ক্ৰেনত লগোৱা চেটটোৰ চেণ্ডেলিয়াৰটো মাটিত পৰি প্ৰায় ছিন্নভিন্ন হৈ পৰিছিল। আমিনে আঘাত নাপালেও বহুত ভয় খাই!

এই সময়ছোৱাত কিছু ছবি শ্বেয়াৰ কৰি আমিনে লিখিছে, “আজি মই সুৰক্ষিত, মোৰ পিতৃ-মাতৃ, পৰিয়াল, শুভাকাংক্ষী আৰু মোৰ আধ্যাত্মিক গুৰুৰ ওচৰত ধন্যবাদ। মই এটা গীতৰ শ্বুটিং কৰি থকা সময়ত মঞ্চৰ ওপৰত ক্ৰেনৰ সহায়ত সজোৱা হৈছিল এটা লোৰ কাঠামো আৰু ঝুমৰ।তলত অভিনয় কৰি থকাৰ সময়তে হঠাৎ লোহাৰ কাঠামোসহ ঝুমৰসমূহ খহি পৰে। অলপতে বাছে তেওঁলোক! তেওঁ বহুতো ভয় খাই। কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ।


Leave A Reply