Breaking

আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ নাট্যাৰম্ভ

0 1,564

 নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি বুধবাৰে আখৰা শুভাৰম্ভ কৰে নলবাৰী জিলাৰ গুৱাকুছি গাঁৱত জন্ম লাভ কৰা অৰূপ ভট্ট প্ৰযোজিত আৰাধনা যাত্রিক থিয়েটাৰে। আখৰা শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙি নাটকৰ পাণ্ডুলিপি উন্মোচন কৰে অভিনেতা,যুৱ নাট্যকাৰ কবিন ৰাজে। তাৰোপৰি নাট্যালোচনী সভাত উপস্থিত থাকে  নাট্যকাৰ ৰাধেশ্যাম কলিতা, অভিনেতা পৰিচালক বুবুল কলিতা, সাংস্কৃতিক সংবাদদাতা ৰমেন কলিতাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আৰাধনা যাত্রিক থিয়েটাৰে ২১-২২ (দ্বিতীয়)বৰ্ষত নিবেদন কৰিব এক ব্যতিক্রমী আৰু হৃদয় বিদাৰক কাহিনীৰে নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ “মহাপাপী মই” আৰু যুৱ নাট্যকাৰ কবিন ৰাজৰ “বেনামী প্ৰেমিক ” যত অভিনয় কৰিব অভিনেতা মহেশ ৰাজবংশী, চক্ৰেশ্বৰ দাস, নিৰ্মল ডেকা, নৱ ডেকা, মৃদুল ভূঞা, চুনু ভড়ালী, নিকুঞ্জ শৰ্মা, সতীশ বৰুৱা, ধনমনি দাস, অভিনেত্রী স্বপ্না নাথ, বনশ্রী তালুকদাৰ, ভেলিনা  বৰুৱা, মিতালী দাস, আৰু সীমামনি বেগমে। আৰাধনা যাত্রিক থিয়েটাৰৰ সংগীত পৰিচালনা কৰিব মুনমুন, ৰাজুৱে  আৰু পোহৰ পৰাগ শৰ্মাৰ। সম্পাদক ভাস্কৰ শৰ্মাই জনোৱা মতে আৰাধনা যাত্রিক থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক নিকুঞ্জ শৰ্মা আৰু শব্দ হীৰক কলিতাৰ। ভালেসংখ্যক নাট্যানুৰাগীৰ উপস্থিতিত আয়োজিত আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ মুহুৰত অনুষ্ঠানত প্ৰযোজক শিল্পী কলাকুশলী সকলে ৰাইজৰ সন্মুখত চিনাকী দি ৰাইজৰ সহযোগিতা কামনা কৰি শুভ নাট্যাৰম্ভৰ অনুষ্ঠান সামৰণি কৰে।

Leave A Reply