Breaking

ওৰাংত আৰণ্যকৰ গঁড়ৰ বিদ্যালয় যাত্ৰা…

0 52

আৰণ্যকৰ উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত বিগত দুটা দিন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিদ্যালয়ত “গঁড়ৰ বিদ্যালয় যাত্ৰা” শীৰ্ষক এক সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। গঁড় থকা বনাঞ্চলৰ কাষৰীয় ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰণ্যকৰ প্ৰবন্ধক তথা মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইনে চিত্ৰ উপস্থাপনৰ দ্বাৰা বিশ্ব তথা অসমত গঁড়ৰ আৱাস, গঁড়ৰ বিৱৰণ, বাসস্থান, আচৰণ আৰু ইয়াৰ সংৰক্ষণ সম্পৰ্কে বিভিন্ন তথ্যৰে ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। লগতে বন্যপ্ৰাণী সম্পৰ্কীয় এক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰে।


ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ফটাশিমলু প্ৰাথমিক বিদ্যালয়, ফটাশিমলু চাপৰি আৰু ব্লক প্ৰাথমিক বিদ্যালয়, থলথলি প্ৰাথমিক বিদ্যালয় আৰু ইডুকেয়াৰ একাডেমীত পৃথকে পৃথকে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি স্থানীয় প্ৰকৃতি প্ৰেমী খাইৰুল বাশ্বাৰ আৰু বাহাৰুল ইছলামে সহযোগীতা আগবঢ়াই। মুঠ প্ৰায় ৫০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াইও অংশগ্ৰহণ কৰে।

Leave A Reply